NORTHEAST NOW (Assamese)

ভয়ংকৰ খবৰ! ১৫ মাহত এখন হাস্পাতলতে নতুনকৈ ৪৭৭ জন এইচ আই ভি আক্ৰান্ত; প্ৰতিবেদনক লৈ বৃদ্ধি উদ্বেগ

April 10, 2025 2:24 pm · এন ই নাও নিউজ, নতুন দিল্লী
Updated: April 10, 2025 2:25 pm

যোৱা বছৰ উত্তৰাখণ্ডৰ এগৰাকী যুৱতীয়ে ড্ৰাগছৰ বাবে ধন সংগ্ৰহৰ বাবে ১৯ জন যুৱকৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ তেজত এইচ আই ভি বিয়পাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ উত্তৰাখণ্ডৰ এখন চৰকাৰী চিকিৎসালয়ত যোৱা ১৫ মাহত ৪৭৭ জন লোকৰ এইচ আই ভি পজিটিভ পোৱা গৈছে। এই পৰিসংখ্যাই স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

উত্তৰাখণ্ডৰ হলদাউণীস্থিত ডাঃ সুশীলা তিৱাৰী চৰকাৰী চিকিৎসালয়ত সংঘটিত ঘটনা। চিকিৎসালয়খনৰ এগৰাকী বিষয়াই বুধবাৰে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনাইছে যে, “২০২৪ চনৰ জানুৱাৰীৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে ৪৭৭টা এইচ আই ভি পজিটিভ ৰোগী ধৰা পৰিছে।”

চিকিৎসালয়খনৰ এন্টি ৰেট্ৰ’ভাইৰেল থেৰাপী (আৰ টি)ৰ ন’ডেল অফিচাৰ বৈভৱ কুমাৰে কয় যে এইচ আই ভি ৰোগীৰ অধিকাংশই পুৰুষ। কিন্তু আঠটি শিশুও আছে। প্ৰাথমিকভাৱে এই ৰোগ মাতৃৰ পৰাই তেওঁলোকৰ শৰীৰলৈ সংক্ৰমিত হোৱা বুলি জনা যায়।

তেওঁ লগতে জনায় যে এই পৰিসংখ্যা অতি চিন্তনীয়। প্ৰতিদিনে কমেও তিনিজন লোক এই ৰোগত আক্ৰান্ত হৈ আছে। বহুতে সমাজৰ ভয়ত নাম পঞ্জীয়ন কৰিবলৈও নিবিচাৰে। বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে পুৰুষে ড্ৰাগছ সেৱন কৰাৰ সময়ত ব্যৱহাৰ কৰা চিৰিঞ্জৰ জৰিয়তে এই ৰোগ বিয়পি আছে।

একাধিক বিশেষজ্ঞই দাবী কৰিছে যে সাধাৰণ জনতাক যদি ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিব নোৱাৰি তেন্তে এই সংক্ৰমণ ৰোধ কৰাটো কঠিন হ’ব। তেওঁলোকৰ ভাষাত, “এই ক্ষেত্ৰত কাউন্সেলিঙৰ কোনো কাম নাই। আমি ড্ৰাগছ ক’ৰ পৰা আহিছে সেইটো জানিব লাগিব আৰু সেই পথটো বন্ধ কৰিব লাগিব।”

Related News