কিং এডৱাৰ্ড মেমৰিয়েলৰ ৰুম নং-৪ আৰু অৰুণা চানবাগৰ কি যোগসূত্ৰ আছিল যাৰ বাবে আজি ৪২ বছৰৰ পিচতো কোঠালিটোত ধুনীয়া মানুহজনীৰ ফটোখন সজাই থোৱা হৈছে। যিটো কোঠালিত থাকি যোৱা প্ৰতিজন ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই নোসোধাকৈ বা নজনাকৈ থকা নাই চানবাগৰ কথা। তালৈ অহা প্ৰতিজনে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে।
কৰ্ণাটকৰ হলদিপুৰৰ এটা দুখীয়া পৰিয়ালত ১জুন ১৯৪৮ চনত জন্ম হৈছিল অৰুণা চানবাগৰ। অৰুণা আছিল সুদক্ষ নাৰ্ছ।হাস্পতালৰ এটা কক্ষত চলিছিল মেডিচিনৰ গৱেষণা। কুকুৰৰ ওপৰত মেডিচিন প্ৰয়োগ কৰি পৰীক্ষা নিৰিক্ষা চলোৱা হৈছিল। আৰু সেই কক্ষৰে সুদক্ষ নাৰ্ছ আছিল অৰুণা চানবাগ।
মাত্ৰ ২৫ বছৰ বয়সত নিজ দক্ষতাৰ বাবেই কিং এডৱাৰ্ডৰ দৰে বিখ্যাত হাস্পতালত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল চানবাগে৷ চানবাগৰ কৰ্মদক্ষতা, বুদ্ধিদীপ্ত আৰু সুন্দৰ চেহেৰাই আকৰ্ষিত কৰিছিল তাৰে এজন নিউৰ’চাৰ্জাৰীত অধ্যয়নৰত ডাক্তৰৰ। অৰুণাৰ হৃদয়টো ভালপোৱাই পোশাবলৈ লয়৷ আৰু এদিন এই ভালপোৱাক এটা নাম দিবলৈ অৰুণাক তেওঁ বিবাহৰ প্ৰস্তাৱ দিয়ে।
দুই ঘৰৰ ইচ্ছাত বিয়াৰ দিনবাৰ ঠিক কৰা হ’ল। সৰু সৰু সপোনবোৰ গোটাই অৰুণাই সোণালী জীৱনৰ জাল গুঠিব বিচাৰিলে। আইনাত সেওঁতাটোলৈ চাই সেন্দূৰখিনিলৈ মনত পৰি মুখখন সেন্দূৰীয়া হ’ল, দেহ মন পুলকিত হ’ল। কিন্তু অৰুণাৰ অলক্ষিতে অদৃষ্টই তাছিল্য কৰিলে। অৰুণাৰ জীৱনটো তাইৰ ইচ্ছাৰ বিপৰীতে ৰচনা কৰিছিল নেদেখাজনে জাল।
তাইৰ সুখ নিয়তিৰ মঞ্জুৰ নাছিল। নিয়তিয়ে অৰুণাৰ বিপদলৈ খাপ পিতি আছিল। ২৭ নবেম্বৰ ১৯৭৩ চন ইতিহাসত ৰৈ যোৱা এটা ৰাতি। সেই ৰাতিয়ে অৰুণাৰ জীৱনলৈ নামি আহিছিল কালৰাত্ৰি। ৰাতিৰ ডিউটি আছিল সেইদিনা আৰু তাৰ পিচদিনা তাই বিয়াৰ চুটিত ঘৰলৈ যোৱাৰ কথা।
উল্লাসৰ মাজতো নিজৰ কৰ্তব্যত হেলা কৰা ছোৱালী নহয় চানবাগ। ৰোগীৰ সৈতে ওৰেটো ৰাতি ব্যস্ত হৈ থাকিল তাই। কালিৰ পিছত তাই যেতিয়া পুনৰ এইখন হাস্পতাললৈ ঘুৰি আহিব তেতিয়া তাই এজনী নতুন অৰুণা হৈ ঘুৰিব। তাই ব্যস্ত হৈ থাকোঁতে তাইৰ অলক্ষিতে এহাল লোলুপ চকুৱে তাইৰ সৰ্বশৰীৰত বগাই ফুৰিছিল। আৰু সেই চকুহাল আছিল ৱাৰ্ড বয় চুহনলাল।
অৰুণাই নিশাৰ ডিউটি কৰি বেচমেন্টলৈ ঘুৰি গৈছিল কাপোৰ সলাবলৈ। ইতিমধ্যে চুহনলালে সেই ৰুমত আত্মগোপন কৰি সুযোগ অহালৈ বাট চাই আছিল। অৰুণাক কুকুৰ বন্ধা চেইনডালেৰে ডিঙিত আটি বান্ধি পেলাই। অৰুণাৰ দম বন্ধহৈ বেহুচ হৈ পৰে। চুহনলালে তাৰ কামনা চৰিতাৰ্থ কৰি অৰুণা মৰিল বুলি ভাবি তাৰ পৰা পলাই যায়।
পুৱা যেতিয়া অৰুণাক উশাহ বন্ধ হৈ মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰে। মুখেৰে মাতিবলৈ অপাৰগ অৰুণা প্ৰগতিহীন (ক’মা) অৱস্থালৈ গুচি যায়। চকুৰ প্ৰতিটো পলকত সপোন ৰচা অৰুণাই চকুৰ পলক মাৰিব নোৱাৰা হ’ল। স্থবিৰ হৈ পৰিল অৰুণাৰ পৃথিৱী লগতে অৰুণা। তাৰ তুলনাত চুহনলালে পালে মাত্ৰ সাত বছৰৰ বাবে কাৰাদণ্ড।
তাৰ পিছত কাৰাগাৰৰ পৰা ওলাই আহি পত্নী সন্তানৰ সৈতে সংসাৰ কৰিলে। ইফালে অৰুণা হস্পিতালৰ বিচনাত ভাবলেশহীন এটা মানব পুতলা হৈ “কিং এডোৱাৰ্ড মেমৰিয়েল”ৰ ৪নং কোঠালিত জীৱন আৰু মৰণৰ মাজত উলমি ৰ’ল৷
এইয়াই আছিল আমাৰ আইন ব্যৱস্থা। যিয়েই এই অৱস্থা পোৱাৰ আগমুহূৰ্ত্তলৈকে বৈবাহিক জীৱনৰ ৰঙীন সপোন দেখিছিল তেওঁ জীৱনত সকলো হেৰুৱালে, গোটেই জীৱন হেৰুৱালে, জীৱন জীয়াৰ হাবিয়াস হেৰুৱালে ,জীৱনৰ সকলো সপোন হেৰুৱালে আৰু সকলো সকলোৱেই হেৰুৱালে অৰুণাই।
১জুন ২০১৪ত কিং এডোৱাৰ্ড মেমৰিয়েলৰ চৌহদত নাৰ্ছ আৰু ষ্টাফৰ উৎসাহত অৰুণাৰ ৬৫তম জন্ম দিৱস উদযাপন কৰা হয়। ৪২ বছৰ ক’মাত থকা মানুহগৰাকীক অসীম ধৰ্য্যৰে তাৰ নাৰ্ছসকলে সেৱা আগবঢ়াই। স্মতৰ্ৱ্য ৪২টা বছৰ বিছনাত পৰি থকাৰ পিছতো গাত এটা ঘাঁ লগা নাছিল চানবাগৰ৷ এইক্ষেত্ৰত তেওঁক শুশ্ৰূষা কৰি অহা নাৰ্ছ কেইগৰাকীলৈ সন্মানত মুৰ ডুখাই যায়।
হাস্পতালৰ এটা কোঠা বহুত দিনৰ পৰা দখল কৰাক লৈ কতৃপক্ষই ওজৰআপত্তি দৰ্শাই চেনবাগক হাস্পতালৰ ৰুমটোৰ পৰা অব্যাহতি দিব বিচৰাত তাৰ নাৰ্ছসকলে আন্দোলন আৰম্ভ কৰে। অৱশেষত কতৃপক্ষই হাৰ স্বীকাৰ কৰি চানবাগক তাতে থাকিবলৈ দিবলৈ বাধ্য হয়।
চানবাগৰ পৰিয়ালে তাইৰ নিথৰ দেহটো চমজি লবলৈ মান্তি নহয়। তাইৰ পানীপাৰ্থীয়ে অৰুণাৰ স্বাভাৱিক অৱস্থা ঘুৰি আহিবলৈ ৫টা বছৰ অপেক্ষা কৰিলে আৰু অৱশেষত ঘৰৰ মানুহৰ কথা পেলাব নোৱাৰি বিদেশত গৈ বিয়াত বহে।
তাইৰ জীৱনৰ সৈতে জড়িত সকলো আগবাঢ়ি গ’ল ৰৈ গ’ল মাথোঁ অৰুণা চানবাগ বোধহীন, নিথৰ, নিশ্চুপ হৈ। এনে লাগিল পৃথিৱীত নোৱাৰা একো নাই সকলো সম্ভৱ। সম্ভৱ নীচৰ পৰা নীচতমলৈ। ৪২ টা বছৰ জীৱন ঘুৰাই পাবলৈ যুজি অৰ্ধমৃত, বোধহীন হৈয়ে ৬৬ বছৰ বয়সত ১৮ মে’ ২০১৫ চনত অৰুণা চানবাগে শেষ নিশ্বাস ত্যাগ কৰে।
সুদীৰ্ঘকাল বোধহীন হৈ পৰি থাকোঁতে তেওঁৰ বন্ধু বুলি দাবী কৰা সাংবাদিক পিংকী বিৰানীয়ে অৰুণাৰ ইচ্ছা মৃত্যুৰ দাবী তোলে। ইয়াক চুপ্ৰিম ক’ৰ্টে ৮ মাৰ্চ ২০১১ত খাৰিজ কৰে।
চুপ্ৰিম কৰ্টে বিৰানীৰ বিপৰীতে কাৰণ দৰ্শাইছিল যে অৰুণা চানবাগৰ ইচ্ছা মৃত্যু মানি ল’ব নোৱাৰি কাৰণ তেওঁ সম্পূৰ্ণৰূপে ক’মাত যোৱা নাছিল। প্ৰয়োজনীয় পথ্য আৰু খাদ্য তেওঁ গ্ৰহণ কৰি আছিল। ডাক্তৰৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিও চানবাগক ইচ্ছা মৃত্যুৰ অনুমতি দিব নোৱাৰি।
আৰু কোৱা হয় পিংকী বিৰানীয়ে যিহেতু চানবাগক কোনো ধৰণৰ চোৱাচিতা কৰা নাই গতিকে এই ক্ষেত্ৰত তেওঁৰ মাত মতাৰ অধিকাৰ নাই৷ কাৰণ চানবাগক কিং এডোৱাৰ্ডৰ সমূহ কৰ্মচাৰী আৰু কতৃপক্ষইহে সেৱা শুশ্ৰূষা কৰি আহিছে।
আনহাতে ইতিমধ্যে চানবাগৰ মাক দেউতাকৰ মৃত্যু হৈছে আৰু পৰিয়ালৰ আন সদস্যৰো তেওঁৰ প্ৰতি কোনো গুৰুত্ব বা অনুকম্পা নাই গতিকে এইক্ষেত্ৰত একমাত্ৰ কিং এডোৱাৰ্ড মেমৰিয়েলৰ কতৃপক্ষৰহে অৰুণাৰ বিষয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে।
বিচাৰকৰ মতে যদি ইচ্ছা মৃত্যুৰ সন্দৰ্ভত বন্ধু বান্ধৱ বা সমন্ধীয়া সকলক এইবুলি অধিকাৰ দিয়া হয় যে কোনো ৰোগীৰ তেওঁলোকৰ ইচ্ছা অনুসৰি লাইফ চাপৰ্ট উঠাই ল’ব পাৰিব তেনে পৃথিৱীত অৰাজকতাৰ সৃষ্টি হ’ব৷ বহুলোক ইয়াৰ বলি হ’ব। প্ৰধানকৈ সা-সম্পত্তিৰ বাবে তেনে কৰাতো সাধাৰণ কথা হৈ পৰিব।
ইউথেনচিয়া (EUTHANASIA) বা ইচ্ছা মৃত্যু কি?
যেতিয়া কোনো ৰোগী বহুত বেছি পীড়াৰ মাজেৰে জীৱন অতিবাহিত কৰে বা এনে বেমাৰৰ স্বীকাৰ হয় য’ত ঠিক হোৱাৰ কোনো আশা নাথাকে বা প্ৰতি দিনাই ৰোগীয়ে মৃত্যুৰ পথেৰে বাট বুলিব লাগে, ক’মা অৱস্থাত থকা, পক্ষাঘাত ৰোগীৰ ক্ষেত্ৰত কিছুমান দেশে ইচ্ছা মৃত্যুক আইন হিচাপে মানি লৈছে।
বেলজিয়াম, নেডাৰলেণ্ড, চুইজাৰলেণ্ড আৰু অক্সেমবাৰ্গত ইচ্ছা মৃত্যুৰ সিদ্ধান্তক মানি লৈছে। ভাৰতত ইচ্ছা মৃত্যুৰ সম্পৰ্কত এতিয়াও বাদ বিবাদ চলি আছে৷ ইচ্ছা মৃত্যু মানে জোৰকৈ ভগৱানৰ ইচ্ছাৰ বিৰুদ্ধে থিয় হোৱা। ঈশ্বৰৰ ইচ্ছাত এদিন ৰোগী সুস্থ হৈ উঠিব এই আশাতেই বন্দী ভাৰতীয় লোক।
ইচ্ছা মৃত্যুৰ প্ৰকাৰ
Active Euthanasia-এই ধৰণৰ ইচ্ছা মৃত্যুত ডাক্তৰে এনেধৰণৰ বিষাক্ত বেজী প্ৰয়োগ কৰে যে ৰোগীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ (cardiac arrest) হৈ মৃত্যুৰ মুখত পৰে।
Passive Euthanasia-ডাক্তৰে ৰোগীক দি থোৱা লাইফ চাপৰ্ট চিষ্টেম আঁতৰাই দি জীয়াই ৰখাৰ আশা শেষ কৰি দিব পাৰে৷
Physician Assisted Suicide- ৰোগীয়ে নিজে বিষাক্ত দৰৱ সেৱন কৰি মৃত্যুৰ মুখত পৰিব পাৰে। জাৰ্মানিৰ দৰে কিছুমান দেশত ইয়াৰ অধিকাৰ দিয়া হয়।
ভাৰতত ইচ্ছা মৃত্যুৰ বিচাৰ
১৯৯৪ চনত পি ৰথিনমৰ শুনানীত উচ্চতম ন্যায়ালয়ে কৈছিল যে, যিকোনো ব্যক্তিৰে ইচ্ছা মৃত্যুৰ অধিকাৰ আছে। আনহাতে ১৯৯৬ চনত উচ্চতম ন্যায়ালয়ে দুবছৰৰ পুৰণা বিচাৰৰ ক্ষেত্ৰত উলটা খৰ মাৰি কয় ইচ্ছা মৃত্যুক মানি ল’লে সংবিধানৰ ২১নং অনুচ্ছেদৰ জীয়াই থকাৰ অধিকাৰক খৰ্ব্ব কৰা হ’ব।
২০০০ চনত কেৰেলা উচ্চ ন্যায়ালয়ে কয় ইচ্ছা মৃত্যু মানি লোৱা মানে আত্মহত্যা মানি লোৱা। উচ্চ ন্যায়ালয়ে আকৌ কয় ক’মাত থকা বা মৃত্যুৰ দুৱাৰদলিত সংগ্ৰাম কৰি থকা লোকৰ উইল (লিভিং উইল)ৰ আধাৰত নিষ্ক্ৰিয় ইচ্ছা মৃত্যুৰ সপক্ষে ৰায় দান কৰে৷ ইয়াত কোৱা হয় যদি কাৰোবাৰ সন্মানেৰে জীয়াই থকাৰ অধিকাৰ আছে ,তেনেকৈ মৃত্যুৰো অধিকাৰ থকা উচিত। আৰু কোৱা হয় লিভিং উইলৰ ওপৰত পৰিবাৰৰ মত থাকিব লাগিব৷ লগতে এক্সপাৰ্ট ডাক্তৰৰ টিমেও ইয়াক অনুমতি দিব লাগিব৷ তেওঁলোকেহে বিচাৰ কৰিব পাৰিব যে ৰোগীৰ সুস্থ হোৱাৰ আশা নাই। বৰ্তমান অৱস্থাতো ইচ্ছা মৃত্যুৰ সপক্ষে-বিপক্ষে বিভিন্ন মতভেদ চলি আহিছে৷ আশা কৰা যায় ভৱিষ্যতে ভাৰততো ইচ্ছা মৃত্যুৰ সঠিক প্ৰয়োগ হ’ব।
লেখিকা বৰ্ণালী ফুকন পেছাত এগৰাকী শিক্ষয়িত্ৰী