NORTHEAST NOW (Assamese)

গোচৰৰ শুনানিত অনুপস্থিতি! ৰাহুল গান্ধীক ২০০ টকাৰ জৰিমনা আদালতৰ

March 6, 2025 2:17 pm · এন ই নাও নিউজ, গুৱাহাটী

মানহানিৰ গোচৰত আদালতত হাজিৰ নোহোৱাৰ বাবে জৰিমনাৰ সন্মুখীন কংগ্ৰেছ নেতা ৰাহুল গান্ধী। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ৰাহুলক ২০০ টকা জৰিমনা বিহাৰ নিৰ্দেশ দিছে। একে সময়তে আদালতে কংগ্ৰেছ সাংসদগৰাকীক আদালতত হাজিৰ হোৱাৰ আন এক সুযোগ দিলে। এই গোচৰত ৰাহুলক ১৪ এপ্ৰিলত আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিছে ন্যায়াধীশে।

২০২২ চনত মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত ৰাহুলে সাৱৰকাৰ সন্দৰ্ভত মন্তব্য কৰিছিল বুলি অভিযোগ উঠিছে। সেই মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। লক্ষ্ণৌৰ এচিজেএম আদালততো কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সেই গোচৰত বুধবাৰে লক্ষ্ণৌৰ এচিজেএম আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছিল ৰাহুলক। কিন্তু শেষত বুধবাৰে আদালতত হাজিৰ নহল। সংসদৰ অধিৱেশনৰ সৈতে জড়িত কিছু পূৰ্ব নিৰ্ধাৰিত কামৰ বাবে  ৰাহুল গান্ধী আদালতত হাজিৰ হব পৰা নাছিল বুলি আদালতত কংগ্ৰেছ নেতাৰ অধিবক্তাই কয়। লগতে ৰাহুলৰ অধিবক্তাই তেওঁক ব্যক্তিগতভাৱে আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনায়।

অৱশ্যে আদালতে হাজিৰ হোৱাৰ পৰা ৰেহাইৰ অনুৰোধ মঞ্জুৰ কৰা নাছিল। বুধবাৰে আদালতত হাজিৰ নোহোৱাৰ বাবে ৰাহুলক ২০০ টকা জৰিমনা বিহা ন্যায়াধীশে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে অভিযোগকাৰীৰ অধিবক্তাক জৰিমনা ধন আদায় দিবলৈ নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৪ এপ্ৰিলত অনুষ্ঠিত হব। সেইদিনা আদালতত হাজিৰ হব লাগিব বুলি আদালতে নিৰ্দেশ দিছে। লগতে কয় যে যদিহে পৰৱৰ্তী শুনানিত ৰাহুল হাজিৰ নহয় তেন্তে ইয়াক গুৰুত্বসহকাৰে লোৱা হব।

Related News