অসম চৰকাৰৰ চাৰি ভাষাৰ শিক্ষা নীতিক লৈ উদ্বিগ্ন এবছু ,বড়ো ভাষাক অৱজ্ঞাৰ অভিযোগ

অসম চৰকাৰৰ শেহতীয়া কেতবোৰ নীতি-নিৰ্দেশনা আৰু সিদ্ধান্তক লৈ তীব্ৰ অসন্তুষ্টি আৰু উদ্বেগ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুই৷

আজি কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে এবছুৰ সভাপতি দ্বীপেন বড়োই অসম চৰকাৰৰ এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে৷

এবছুৰ সভাপতি বড়োই সংবাদমেলখনত কয় যে অসম চৰকাৰে যোৱা ২৭ আগষ্টত ২২৭২ টা প’ষ্ট গ্ৰেজুৱেট টে’ট পদৰ বিপৰীতে অনলাইন বিজ্ঞাপন প্ৰকাশ কৰিছিল৷কিন্তু উক্ত বিজ্ঞাপন মতে বড়ো মাধ্যমৰ এগৰাকীও প্ৰাৰ্থীয়ে বড়ো ভাষা নথকাৰ বাবে আবেদন জনাব নোৱাৰিলে৷

তদুপৰি অসমৰ মুখ্যমন্ত্ৰীয়ে বড়ো মাধ্যমৰ বাবে ৪০০টা পদ সৃষ্টিৰ লগতে বড়ো মাধ্যমৰ ৪০ খন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশীকৰণৰ আশ্বাস দিছিল যদিও আজিকোপতি সেয়া হৈ নুঠিল৷

তদুপৰি ছাত্ৰ নেতা গৰাকীয়ে অসম চৰকাৰৰ চাৰিটা ভাষা নীতিৰ বিপৰীতে পূৰ্বৰ তিনিটা ভাষা নীতি বাহাল ৰখা,অসম চৰকাৰৰ সমগ্ৰ শিক্ষা মিছন সঞ্চালকৰ নিপুন ভাৰতত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা,অসম আৰক্ষীৰ ২৩৯১ টা ইউবি কনষ্টেবল আৰু ৪২৭১টা এবি কনষ্টবল পদৰ বাবে সমগ্ৰ ৰাজ্যৰ বড়ো ভাষী প্ৰাৰ্থী সকলক বড়ো ভাষাতে লিখিত প্ৰশ্নৰ ব্যৱস্থা কৰিবলৈকো সংবাদমেলৰ জৰিয়তে দাবী জনাইছে৷

আনহাতেদি অসম ন্যায়িক সেৱাৰ পৰীক্ষা,এপিএছচি কোৱালিফায়িং পেপাৰ(লেংগুৱেজ)ৰ পৰীক্ষা বড়ো ভাষী প্ৰাৰ্থী সকলৰ বাবে বড়ো ভাষাত দিয়াৰ ব্যৱস্থা গ্ৰহণৰ লগতে যি সকল অজনজাতি প্ৰাৰ্থীয়ে ভুৱা জনজাতিৰ প্ৰমাণ-পত্ৰ লৈ মেডিকেল শিক্ষাত নাম ভৰ্তি কৰিছে সেই বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰাৰ লগতে তদন্তৰ দাবী জনাইছে ছাত্ৰ নেতা দ্বীপেন বড়োই৷