শিৰোনামাত উল্লেখিত কথাটো প্রতিবাৰৰ দৰে এইবাৰো লোক সভাৰ নিৰ্বাচনৰ সময়ত যথেষ্ঠ গুৰুত্ব সহকাৰে উত্থাপিত হৈছে। যদিও সাংসদসকলৰ ব্যক্তিত্বৰ মাপকাঠি কোনোৱে নিৰ্ধাৰণ কৰি দিয়া নাই, এটা সমষ্টি তথা এখন ৰাজ্যক প্রতিনিধিত্ব কৰা ব্যক্তিগৰাকীৰ চাৰিত্ৰিক দিশত প্ৰতিগৰাকী নাগৰিকে কিছুমান অলিখিত বৈশিষ্ট্য থকাটো বিচাৰে, কাৰণ তেওঁ এক বৃহৎ সংখ্যক জনতাৰ প্রতিনিধি হিচাপে ৰাজনৈতিক ক্ষেত্ৰখনত পৰিচয় দিব লাগে আৰু জনতাৰ কল্যাণৰ হকে কাম কৰিব লাগে। তেওঁ বাকপটু হ’ব লাগিব যাতে প্রতিটো জনহিতকৰ কথাত তেওঁ বক্তব্য ৰাখিব পাৰে। তাৰ কাৰণে ভাৰতৰ ক্ষেত্ৰত তেওঁ মাতৃভাষা, ৰাষ্ট্ৰভাষা হিন্দী আৰু আন্তৰ্জাতিক ভাষা ইংৰাজীত কথা কোৱাৰ দক্ষতা থাকিব লাগিব।
আমাৰ মানসপটত তেনে এগৰাকী ব্যক্তি বিচাৰি চাওঁতে হেম বৰুৱা আৰু দীনেশ গোস্বামীৰ কথা মনলৈ আহে। তেনেধৰণৰ সুদক্ষ সাংসদ অসমৰ ক্ষেত্ৰত বৰ বেছি নাই। যোৱা দহ বছৰত আমি এগৰাকী সাংসদৰ পাৰদৰ্শিতাৰ কথা কোনো কাৰ্পণ্য নকৰাকৈ ক’ব পাৰোঁ। তেওঁ হৈছে গৌৰৱ গগৈ। তেওঁ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত সাৱলীলভাৱে বক্তব্য ৰাখিব পাৰিছে, তথ্য আৰু যুক্তিৰে প্রতিটো বক্তব্য আগবঢ়াই আহিছে, আচৰণত অতিশয় অমায়িক, অসমৰ জলন্ত সমস্যাবিলাকৰ প্রতি তেওঁ সচেতন আৰু ৰাষ্ট্ৰীয় প্রেক্ষাপটত সেইবিলাক উত্থাপন কৰি তেওঁ শাসক-বিৰোধী সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। আজি কেইবাদিনো ধৰি অসমীয়া সংবাদ মাধ্যমত তেওঁৰ গুণানুকীৰ্তন কৰা দেখিবলৈ পাইছোঁ৷ সাংসদ হিচাপে তেওঁৰ যোগ্যতাক যিসকলে মান্যতা দি আছে তেওঁলোক কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। ময়ো কোনো ৰাজনৈতিক দলৰ সদস্য নহওঁ। মই কেৱল অসমৰ হিত চিন্তা কৰা এজন সাধাৰণ অসমীয়া নাগৰিকহে ৷ সেই সূত্ৰে এই দিশত কেইবাটাও কথা ক’বলৈ বিচাৰোঁ।
বিগত পাঁচটা বছৰত অসমৰ ভালে কেইগৰাকীমান জনপ্রতিনিধিয়ে সংসদত এটা বিতৰ্কতো অংশ গ্ৰহণ কৰা আমি দেখা নাই। অসমৰ স্বাৰ্থক কেন্দ্ৰ কৰি যিবিলাক আলোচনা হয়, যেনে বানপানী আৰু নদীৰ গৰা খহনীয়া, প্রাকৃতিক সম্পদৰ অবাধ লুণ্ঠন, অসমৰ মানুহৰ ভৱিষ্যত বিপদাপন্ন কৰি বিদেশীক নাগৰিকত্ব প্রদান আৰু সংস্থাপন কৰাৰ আইন প্রণয়ণ কৰাৰ নিচিনা জাতি ধ্বংসকাৰী পদক্ষেপ, নাৰী সুৰক্ষা আৰু সমতা, নিবনুৱা সমস্যা আদিকৈ অলেখ জলন্ত সমস্যাৰ সন্দৰ্ভত তেওঁলোকে এষাৰো মাত মতা শুনা নাই। সংসদত একেবাৰে নীৰৱ ভূমিকা লৈ কাৰ্যকাল কটোৱা সাংসদসকলক অসমৰ জনতাৰ প্ৰতিনিধি হিচাপে দুনাই আমি পঠিয়াম নেকি সেই কথা গভীৰভাৱে চিন্তা কৰিবৰ সময় আহিছে। অসমৰ সচেতন ৰাইজে আগতে কৰা ভুল যাতে নকৰে সেই কথাটো সোঁৱৰাই দিবলৈ বিচাৰিছোঁ।
শাসক দলে নিৰ্বাচনত প্রতিদ্বন্দ্বিত কৰিবলৈ প্ৰাৰ্থী বাচনি কৰোঁতে প্রত্যাশীসকলৰ ‘ৰিপৰ্ট কাৰ্ড’ বা তেওঁলোকৰ কামৰ ৰেকৰ্ড মেলি চায়। মোৰ ধাৰণা দলৰ শীৰ্ষ নেতাসকলে প্রত্যাশীসকলৰ বিগত কাৰ্য কালত দেশ আৰু ৰাজ্যখনৰ স্বাৰ্থৰ হকে কি কি সেৱা আগবঢ়ালে সেই কথা বিচাৰ নকৰে। ধৰ্ম, জাত-পাত, দলৰ প্রতি কিমান আনুগত্য সেইবিলাক কথাহে বিচাৰ কৰে। ফলত সাংসদ হোৱাৰ কোনো যোগত্য নথকা ৰাজহুৱা জীৱনত শূন্য অবদান থকা ব্যক্তিক প্ৰাৰ্থীত্ব দি চল-বল-ধনৰ সহায়ত জিকাবলৈ চেষ্টা কৰে। যোগ্যতাৰ মাপকঠি হ’ল দলৰ প্রতি অসীম আনুগত্য আৰু নেতাৰ সৈতে থকা মধুৰ সম্পৰ্ক।
শাসক দলৰ এটাই মাথোঁ উদ্দেশ্য –নিৰ্বাচনী বৈতৰণী পাৰ হৈ ক্ষমতা দখল কৰা। তেওঁলোকে তাকে কৰি থাকক। কিন্তু তাৰ বিপৰীতে সাধাৰণ ভোটদাতাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে যাক ভোট দি জিকাবলৈ ওলাইছে সেইগৰাকীয়ে মাতৃভাষা, হিন্দী আৰু ইংৰাজীত সলসলীয়াকৈ ভাষণ দি জনতাৰ সমস্যাবিলাকৰ প্রতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিবনে ? অসমৰ জলন্ত সমস্যাবিলাক সংসদত উত্থাপন কৰিবনে, সাংসদ পুঁজিৰ সদ-ব্যৱহাৰ কৰিবনে, সংসদৰ মজিয়াত কেৱল মুখমেলি আনৰ ভাষণ শুনি, টোপনি মাৰি, হামিয়াই-হেঁকটিমাৰি সন্তুষ্টি লভি থাকিবনে নিজেও কেতিয়াবা ছেগবুজি বিতৰ্কত অংশ গ্ৰহণ কৰিবনে বা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্রশ্ন উত্থাপন কৰিবনে –এইবিলাক অপ্ৰিয়
আৰু কঠিন প্রশ্ন ভোটদাতাই উত্থাপন কৰিবই লাগিব। প্রাৰ্থীগৰাকীৰ পূৰ্বৰ ৰাজনৈতিক কাম-কাজ বিশ্লেষণ কৰি আৰু আগতে উল্লেখ কৰা দিশবিলাক নিৰ্মোহভাৱে চালেহে জনতাই উচিত সিদ্ধান্ত ল’ব পাৰিব। তাকে নকৰি কেৱল দল চাই এজনক সাংসদ হিচাপে নিৰ্বাচন কৰিলে সচেতন ৰাইজে নিশ্চয় ক’ব–‘অযোগ্য, অকামিলা, মাত মাতিব নজনা অবোধ এজনক নিৰ্বাচন কৰি জনতাই নিজৰহে পৰিচয় দিছে। ‘যেনে ৰাইজ তেনে প্রতিনিধি!’ ভোটদাতাসকলে অসমৰ হিত কি তাক বিবেচনা কৰিহে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব। ভোটদানৰ সেই ক্ষণত নাগৰিক এগৰাকী নিজে এক সাৰ্বভৌম সত্ত্বা। তেওঁ কেৱল সচেতন অন্তৰাত্মাৰ আহ্বানহে শুনে। সেই মুহূৰ্তত তেওঁ হিতাধিকাৰী হোৱাৰ নৈতিক ভাৰখন অসমৰ বৃহত্তৰ স্বাৰ্থত কান্ধৰ পৰা নমাই ৰাখিব লাগিব। মনত ৰাখিব লাগিব যে হিতাধীকাৰী সৃষ্টিয়ে কৰ্ম সংস্থাপন কৰা নাই; কেৱল সোৰোপা আৰু নিষ্কৰ্মা জাতি এটাহে সৃষ্টি কৰিছে।
(লেখক এগৰাকী বিশিষ্ট নিৱন্ধকাৰ। লেখকৰ ফোন নম্বৰ- ৯৪৩৫৪০৭৩৭৬)