বাংলাদেশ পাৰ হৈ ব্ৰহ্মপুত্ৰত জাকে জাকে উজাই আহিছে ইলিচ মাছ : যোৱা বছৰৰ দৰে হোৱাৰ আশা মাছমৰীয়া আৰু গ্ৰাহকৰ

যোৱা বছৰ এই সময়ত ১০০ টকা পৰ্য্যন্ত হৈছিল ইলিচৰ দাম

hilsa-750x375

যোৱা বছৰৰ দৰে এই বছৰো ব্ৰহ্মপুত্ৰৰ মোহনাৰ পৰা বৃহৎ পৰিমাণৰ ইলিচ মাছৰ উজানে অসমৰ মাছ ব্যৱসায়ীসকলৰ বাবে আনন্দৰ বতৰা আনিছে। ইতিপূৰ্বে গোৱালপাৰা অঞ্চলত এই উজানৰ মাছ ধৰি বহু ব্যৱসায়ী ইয়াৰ পৰা লাভ উঠাবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে যোৱা বছৰ বাংলাদেশৰ অন্তৰ্ভুক্ত ব্ৰহ্মপুত্ৰৰ অংশৰ পৰা অসমৰ ধুবুৰী-গোৱালপাৰা অংশলৈ উজাই অহা প্ৰচুৰ পৰিমাণৰ ইলিচ মাছৰ বাবে অসমৰ বজাৰত উচ্চ দামৰ মাছবিধ সাংঘাতিক সস্তা হৈ পৰিছিল। প্ৰতি কেজি এশ টকা পৰ্য্যন্ত দাম কমিছিল মাছবিধৰ। আনকি গুৱাহাটীৰ বজাৰতো এই মাছৰ দাম অভাৱনীয়ভাৱে কম হৈছিল।

এইবাৰো মাছৰ উজান দেখি একেই পৰিস্থিতিৰ পূৰ্বানুমান কৰিছে মাছ ব্যৱসায়ীসকলে। গোৱালপাৰাত যোৱা দুদিন আগলৈকে ৮০০ টকা কিলোৰ ইলিচ মাছ যোৱা কালি ৩০০ টকা হৈছে।

মন কৰিব লগীয়া যে এইটো ইলিচ মাছৰ প্ৰজনন ঋতু। এই সময়খিনিত সাধাৰণতে প্ৰজননৰ বাবে ইলিচ মাছবোৰ ইহঁতে থকা ব্ৰহ্মপুত্ৰৰ মোহনা অঞ্চলৰ পৰা সোঁতৰ বহু কিলোমিটাৰ পৰ্য্যন্ত উজনি অংশলৈ জাকে জাকে উজাই আহে। বিশেষকৈ সাগৰৰ লুণীয়া পানীৰ পৰিৱৰ্তে নদীৰ অলৱণীয় পানীত এই মাছবোৰে কণী পাৰে।

আনহাতে অতি সুস্বাদু ইলিচ মাছৰ চাহিদা অতি বেছি যদিও সেই অনুপাতে অসমত এই মাছবিধ পোৱা নাযায়। সেয়ে মাছবিধৰ দাম অতি বেছি হয়। গতিকে এনেকুৱা পৰিস্থিতিয়ে অসমৰ মাছমৰীয়া আৰু গ্ৰাহক দুয়োকে উপকৃত কৰে।

ইফালে যোৱা বছৰ মাছবিধৰ এনেকুৱা উভৈনদী পৰিস্থিতি সৃষ্টি হওঁতে ধুবুৰী প্ৰশাসনে ২৩ ছেণ্টিমিটাৰতকৈ কম দৈৰ্ঘ্যৰ ইলিচ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে গোৱালপাৰা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ঘোষণা কৰা নাছিল।

এইবাৰ ধুবুৰী প্ৰশাসনে এতিয়ালৈকে তেনেকুৱা কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই।

“এইকেইদিন ধুবুৰীৰ অংশত ব্ৰহ্মপুত্ৰত প্ৰচুৰ পৰিমাণে ইলিচ মাছ ধৰাটো সঁচা। কিন্তু এইটো মাত্ৰ আৰম্ভণিহে। আমি যোৱা বছৰৰ অভিজ্ঞতাৰ পৰা আমি আশা কৰিছো যে এতিয়াতকৈ শতগুণে বেছিকৈ মাছবিধৰ উপলব্ধ হ’ব পাৰে।” নৰ্থ-ইষ্ট নাওৰ আগত এইদেৰ কয় ধুবুৰী জিলা মীন বিষয়া চয়ন কুমাৰ আচাৰ্যীয়ে।