NORTHEAST NOW (Assamese)

বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ নিৰ্বাচনত মুখ থেকেচা খাই বিজয়ী প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হ’ল এবিভিপি

October 15, 2018 10:23 pm · পুলেন্দ্ৰ দাস
ফটো : নৰ্থ-ইষ্ট নাও

ঐতিহ্যমণ্ডিত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ নিৰ্বাচনত এন এচ য়ু আইৰ সমৰ্থিত ছাত্ৰ এগৰাকীয়ে সাধাৰণ সম্পাদক পদত বিজয়ী হোৱাৰ পাছতে ছাত্ৰ গৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে আজি সন্ধিয়া বৰপেটা চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ বৰপেটা শাখাই সাধাৰণ ৰাইজৰ সহযোগত এন এচ য়ু আইৰ প্ৰতিমূৰ্তি দাহ কৰি এন এচ য়ু আইৰ সমর্থনত বিজয়ী হোৱা ইকৰাম হুছেইনৰ বিৰুদ্ধেও বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।

উল্লেখ্য যে ইকৰাম হুছেইনে ফেচবুকত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ লগতে দেশৰ বিৰুদ্ধেও বিভিন্ন প্ৰৰোচনামূলক মন্তব্য কৰা বুলি অভিযোগ তোলে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে।

যোৱা ১২ অক্টোবৰত অনুষ্ঠিত হোৱা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক পদত এন এচ য়ু আইৰ প্ৰাৰ্থী ইকৰাম হুছেইনে জয়ী হৈছিল।

Related News