বোকাখাতত জে ডি এছ জি মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতি

College Gate

জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে নিৰ্বাচনৰ ভোট গণনা চলি থাকোতেই ছচিয়েল মেডিয়াত কোনো ছাত্ৰই কৰা অশ্লীল মন্তব্য কৰে ফলত মহাবিদ্যালয়ৰ পৰিস্থিতি উতপ্ত হৈ পৰে।

আনহাতে সেই সময়তে হোৱা নিৰ্বাচনৰ ভোট গননাৰ ফলাফলকলৈ অসন্তুস্তি প্ৰকাশ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,  এন অছ ইউ আই আৰু মিছিং ছাত্ৰ সন্থাই ৷ সভাপতি,  উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে ভালে কেইটা পদত আছু প্ৰাৰ্থীৰ জয় লাভৰ পাচতে উতপ্ত হয় পৰিস্থিতি ৷

ইফালে ছাত্ৰ একতা সভাৰ ছয়টা পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিসদৰ প্ৰাৰ্থী বিনা প্ৰতিদন্দিতাৰে আৰু এটা পদত প্ৰতিদন্দিতাৰে জয় লাভ কৰাৰ উপৰিও সহকাৰী সম্পাদকৰ পদত এন এছ ইউ আই প্ৰাৰ্থীয়ে জয় লাভ কৰে ৷

গতিকে ভোট গননাত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰি এন এছ ইউ আই,  এ বি ভি পি আৰু মিছিং ছাত্ৰ সন্থাই মহাবিদ্যালয়ৰ প্ৰবেশ তোৰনৰ সমুখতে সন্ধ্যা প্ৰতিবাদ সাব্যস্ত কৰে ৷  লগতে ভোট গননাৰ ভিডিঅ ৰেকৰ্ডিং বিচাৰি মহাবিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছে ছাত্ৰ সংগঠন কেইটাই ৷

ইফালে প্ৰতিবাদকাৰী তিনি সংগঠনৰ সমৰ্থক ছাত্ৰৰ ওপৰত আৰক্ষীয়ে মাৰধৰ কৰাৰো অভিযোগ উত্থাপিত হয় ৷ অৱশ্যে পাচত অৰ্ধ সামৰিক বাহিনীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বোকাখাত আৰক্ষীয়ে ৷ সম্প্ৰতি মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ঘটনাক লৈ ইতিমধ্যে ছাত্ৰ সংগঠন কেইটাই পৃথকে পৃথকে বোকাখাত আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে ৷