তামুলপুৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তামুলপুৰ শাখা সমিতি গঠন,প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বাক্সা জিলাৰ জিলা প্ৰশিক্ষণ শিৱিৰ এটি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত হৈ যায় ।

এদিনীয়া প্ৰশিক্ষণ শিৱিৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্ম- কৰ্তা সকলক শৈক্ষিক দিশৰ উন্নয়ন আৰু উত্তৰণৰ দিশ।

সমূহ সামৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ উপৰি তামুলপুৰৰ শৈক্ষিক আৰু সামাজিক বিষয়ত আলোচনা কৰা হয় শিবিৰত ।

প্ৰশিক্ষণ শিবিৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, অসমৰ ৰাজ্যিক নেতৃবৃন্দৰ উপস্থিতিত বাক্সা জিলাৰ অন্তৰ্গত শাখা সমিতিৰ পুৰণি শাখা সমূহ ভংগ কৰি নতুন শাখা গঠন কৰা হয় ।

প্ৰশিক্ষণ শিৱিৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ যুটীয়া সম্পাদক হিমাংশু তালুকদাৰ, ৰাজ্যিক সমিতিৰ কাৰ্যকাৰী সদস্য প্ৰলয় কুমাৰ বড়ো, বাক্সা জিলাৰ প্ৰমুখ কনক নাথ, প্ৰাক্তন জিলা সংযোজক ভাষ্কৰ জ্যোতি কলিতা , জ্যোতি প্ৰসাদ দাস, নয়ন দাস, বিকাশ কলিতা, ৰাহুল দাস, কংকন মহন্ত, সিদ্ধাৰ্থ মহন্ত, তিলক দাস,পৰাগ শৰণীয়া উপস্থিত থাকে।