অসম ক্ৰিকেট সন্থাৰ পানী নসৰকা যুক্তি: খেলপথাৰত সাপ সোমাই অতিৰিক্ত মনোৰঞ্জনহে দিছিল দৰ্শকক!

ACA claimed that entering snakes in the field খেলপথাৰত খেল চলি থকাৰ মাজতে সাপৰ প্ৰৱেশ, ফ্লাড লাইট নুমাই যোৱা ঘটনাৰ বাবে কোনো দায়িত্ব ল’ব নিবিচাৰিলে অসম ক্ৰিকেট সন্থাই।

দেওবাৰে বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টী-২০ খেলখন এবাৰ খেলপথাৰত সাপ প্ৰৱেশ কৰাৰ বাবে কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল। তাৰ পিছত ষ্টেডিয়ামৰ ফ্লাডলাইট বন্ধ হোৱাৰ বাবেও কিছুসময়ৰ বাবে খেল বন্ধ ৰখা হয়।

ফ্লাডলাইট নুমাই যোৱাৰ বাবে খেলখন প্ৰায় ২০ মিনিটৰ বাবে বন্ধ কৰা হৈছিল। এই ঘটনাটোৰ তীব্ৰ সমালোচনা হোৱাৰ পিছতো অসম ক্ৰিকেট সন্থাই পোহৰ নোহোৱা হোৱাটো এক সাধাৰণ যান্ত্ৰিক ত্ৰুটি বুলিহে দাবী কৰে।

লগতে পঢ়ক: পেঞ্চনাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ; লাইফ চাৰ্টিফিকেটৰ নিয়মত পৰিৱৰ্তন

অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই সোমবাৰে এক সংবাদমেলত দাবী কৰে যে খেলৰ সময়ত খেলপথাৰত সাপ প্ৰৱেশ কৰাৰ বাবে কোনো বিপদটো হোৱা নাই, বৰঞ্চ ই এটা অতিৰিক্ত মনোৰঞ্জনহে দিলে।

শইকীয়াই কয়, “বৰ্ষাপাৰা ষ্টেডিয়ামৰ অঞ্চলটো আগতে এটা ডাঙৰ জলাশয় আৰু  সাপৰ এক স্বৰ্গ আছিল। যিহেতু যোৱা দুবছৰত ইয়াত কোনো খেল অনুষ্ঠিত হোৱা নাই, গতিকে সাপ ওলাই অহাটো কোনো ডাঙৰ কথা নহয়। খেলখনত সাপটো প্ৰৱেশ কৰাৰ বাবে খেলখন ৩-৪ মিনিটৰ বাবে বন্ধ কৰা হয় যদিও সকলোৱে সাপটো দেখি অন্য এক আনন্দ পাইছিল।‘’

সেইদৰে ফ্লাডলাইট বন্ধ হোৱাৰ সন্দৰ্ভতো স্পষ্টীকৰণ আগবঢ়াই শইকীয়াই কয়, “এয়া এক স্বাভাৱিক আৰু সাধাৰণ কাৰিকৰী ত্ৰুটি। ফটো সাংবাদিকৰ কেমেৰা, দৰ্শকৰ ম’বাইলো কেতিয়াবা বেয়া হ’ব পাৰে। পথাৰত ৪৮০ টা ফ্লাডলাইটৰ ১৫০ টাৰ ফিউজ বেয়া আছিল। আমি ২২০ টা ফিউজ সলনি কৰিছিলোঁ। আৰু ফিউজৰ সৈতে সাজু আছিলোঁ। সেয়ে, পোহৰ নুমাই গৈছিল যদিও পুনৰ খেল আৰম্ভ কৰিবলৈ বেছি পলম হোৱা নাছিল। মুঠ ১৫ টা জেনেৰেটৰে কাম কৰি আছিল।”

লগতে পঢ়ক: ডিঙি চেপি, বটলেৰে কাটি নিৰ্মমভাৱে হত্যা জম্মু-কাশ্মীৰৰ ডিজিপি(কাৰাগাৰ)ক; জ্বলাই দিয়াৰো চেষ্টা!

ইপিনে, ছ’চিয়েল মিডিয়াত অসম ক্ৰিকেট সন্থাক বিভিন্নজনে সমালোচনাৰে নিজৰ ক্ষোভ উজাৰিছে। তাৰমাজতে গুৱাহাটীৰ পৰিৱেশ আৰু দৰ্শকক ধন্যবাদ জনাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই গুৱাহাটী এৰে।

অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই দাবী কৰে যে খেলখনকলৈ বিচিচিআই বহুত সুখী। পৰৱৰ্তী ছিজনত আই পি এলৰ কেইখনমান খেল ইয়াত অনুষ্ঠিত হোৱাৰ আশা ব্যক্ত কৰিছে এচিএ-ই।