বৰ্ষাপাৰাত অসমৰ সন্মান উটুৱাই দিয়াৰ পিছত ঘটনাৰ পৰ্যালোচনা কৰিব এ চি এই

Barsapara

বৰ্ষাপাৰাত ৫ জানুৱাৰিত ভাৰত-শ্ৰীলংকা টি-২০-ৰ সময়ৰ এটা দৃশ্য।

হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি ব্যৱহাৰ কৰি ক্ৰিকেট পিটছ শুকুৱাৰ চেষ্টা চলোই তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা অসম ক্ৰিকেট সন্থাই অৱশেষত সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হয়।

হাস্যকৰ কাৰণৰ বাবে দেওবাৰৰ ভাৰত-শ্ৰীলংকাৰ মাজৰ টি-২০ মেচখন বাতিল হোৱা সন্দৰ্ভত অসম ক্ৰিকেট সন্থা চমুকৈ এ চি এয়ে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খোজাৰ লগতে দুখ প্ৰকাশ কৰিছে।

এ চি এৰ সম্পাদক দেৱজিত শইকীয়াই ঘটনা সন্দৰ্ভত কয় যে পিটছত সুমোৱা পানী শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি কিয় ব্যৱহাৰ কৰিব লগীয়া হ’ল সেই বিষয়ে আমি পৰ্যালোচনা কৰিম।

”এইখন দিবা-নৈশ খেল আছিল। বৰষুণ হোৱাৰ পাছত গোটেই দৰ্শকে নিজৰ মোবাইল সমূহ জ্বলাই দিছিল যাতে পোহৰ হৈ আৰু তাপ বিকিৰণ হৈ খেলপথাৰখন শুকায়,” শইকীয়াৰ উদ্ভট মন্তব্য।

দেওবাৰে অৰ্থাৎ ৫ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে কিছু সময়ৰ বাবে হোৱা বৰষুণৰ ফলত পানী সোমাই পিটছখন সেমেকি গৈছিল।

কিছু সময় পিছতেই বৰষুণ এৰাত বি চি চি আইৰ বিষয়াই খেল পথাৰ পৰীক্ষা কৰি পিটছখন শুকুৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই এ চি এৰ গ্ৰাউণ্ড ষ্টাফক।

অত্যাধুনিক সা-সজুলি নথকা এ চি এৰ গ্ৰাউণ্ড ষ্টাফে পিটছ শুকুৱাবলৈ ব্যৱহাৰ কৰা সামগ্ৰী টেলিভিশ্যন যোগে সম্প্ৰচাৰিত হোৱাৰ লগে লগেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

পিটছ শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰিৰ ব্যৱহাৰ কৰা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছিল এ চি এক।