NORTHEAST NOW (Assamese)

খেল পানী হ’লেও পইচা ঘূৰাই পাব দৰ্শকে; সিদ্ধান্ত লাজত মুখ উলিয়াব নোৱাৰা ACAৰ

January 6, 2020 1:13 pm · এন ই নাও নিউজ

খেল পানী হ’লেও পইচা ঘূৰাই পাব দৰ্শকে। ভাৰত-শ্ৰীলংকাৰ খেল চোৱাৰ বাবে যিসকল দৰ্শকে টিকট ক্ৰয় কৰিছিল তেওঁলোকে উভতাই পাব টিকটৰ মূল্য।

অলনাইনৰ জৰিয়তে টিকট ক্ৰয় কৰাসকলে নিজৰ একাউণ্টতে টিকটৰ ধন লাভ কৰিব। লগতে বুক মাই শ্ব’ৰ জৰিয়তে যিসকলে অসম ক্ৰিকেট সন্থাৰ পৰা টিকট ক্ৰয় কৰিছিল সেইসকলকো ধন ঘূৰাই দিব বুক মাই শ্ব’ৱে। আজিৰ পৰাই এই ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

উল্লেখযোগ্য যে দেওবাৰে অৰ্থাৎ ৫ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল।

কিন্তু বৰষুণ তথা অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা তথা অকৰ্মণ্যতাৰ বাবে খেলখন বাতিল হ’ল আৰু হাজাৰ হাজাৰ দৰ্শক বছৰৰ প্ৰথমখন খেল উপভোগ কৰাৰ পৰা বঞ্চিত হ’ল।

বৰষুণৰ সময়ত ফটা টাৰ্প’লিনেৰে ফিল্ড ঢকাৰ বাবে ফিল্ডত পানী জমা হৈ আৰু পিছত অসম ক্ৰিকেট সন্থাই হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ ইস্ত্ৰিৰেও ফিল্ড শুকুৱাব নোৱাৰাত T-20 শৃংখলাৰ প্ৰথম খেলখন বাতিল হয়।

Related News