• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কালৈ ভয় গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ? গৱেষণাপত্ৰৰ জালিয়াতিৰ তদন্ত কৰোৱাৰ পিছতো নল’লে ব্যৱস্থা

তদন্তৰ প্ৰতিবেদনত দ্বিতীয়খন গৱেষণাপত্ৰৰ লেখক আৰু তেওঁৰ গাইড ড০ অমৰজ্যোতি চৌধুৰী আৰু জি কে ডি মজুমদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2018 9:22 pm
Guwahati University

প্ৰতিনিধিত্বমূলক ছবি

1.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰজ্যোতি চৌধুৰী আৰু অধ্যাপক জি কে ডি মজুমদাৰৰ তত্ত্বাৱধানত গৱেষণাপত্ৰ জালিয়াতিৰে পি এইচ্ছ ডি ডিগ্ৰী লোৱা এজন লোক এতিয়াও নিৰ্বিঘ্নে মহাবিদ্যালয়ৰ অধ্যক্ষ হৈ থকাৰ কথা পোহৰলৈ আহিছে।

লগতে এই জালিয়াতিত জড়িত উক্ত তত্ত্বাৱধায়ককেইজনকো কোনো জবাবদিহিৰ সন্মুখীন কৰা নহ’ল বুলি অভিযোগ উঠিছে।

মন কৰিব লগীয়া যে এবছৰ পূৰ্বৰ আন এজন গৱেষকৰ সৈতে একেই বিষয়ত গৱেষণা কৰিবলৈ অনুমতি পোৱা আৰু গৱেষণাপত্ৰৰ content পূৰ্বৰজনৰ সৈতে হুবহু মিলি যোৱা এই ঘটনাটোত দুয়োজন গৱেষকৰ তত্ত্বাৱধায়ককেইজনো একেই। অৰ্থাৎ ড০ অমৰজ্যোতি চৌধুৰী আৰু অধ্যাপক জি কে ডি মজুমদাৰেই আছিল দুয়োজন গৱেষকৰ তত্ত্বাৱধায়ক/গাইড।

GU_Tadanta_1
আৰ টি আই আৱেদনৰ উত্তৰৰ প্ৰতিলিপি।

আচৰিত হ’ব লগীয়া আনটো কথা হ’ল গৱেষকজনৰ এই জালিয়াতিৰ বিষয়ে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষ সম্পূৰ্ণ অৱগত। আনকি তেওঁৰ জালিয়াতিৰ তদন্ত কৰিবলৈ বিশ্ববিদ্যালয়খনে নিজেই এখন তিনিজনীয়া তদন্ত কমিটী গঠন কৰি দিছিল।

কিন্তু তদন্ত কমিটীয়ে প্ৰতিবেদনত অভিযুক্ত গৱেষকজনে স্পষ্টকৈ জালিয়াতি কৰা বুলি আৰু গৱেষকজন আৰু তেওঁৰ তত্ত্বাৱধায়ককেইজনৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে বুলি উল্লেখ কৰাৰ পিছতো আজি এবছৰে একো ব্যৱস্থা গ্ৰহণ নকৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ফলত এই জালিয়াতিৰে লোৱা ডিগ্ৰীৰেই বৰ্তমান উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদ ‘অলংকৃত’ কৰি আছে ড০ দিলীপ দাস নামৰ পিছৰজন গৱেষকে।

গুৰুতৰ প্ৰশ্নটো হ’ল –ব্যৱস্থাই যদি নলয়, বিশ্ববিদ্যালয়ে তদন্ত কমিটী গঠন কৰিছিল কিহৰ বাবে? দোষীক সুৰক্ষা দিব বিচৰাৰ অন্তৰালত আছে নেকি ‘ডাঙৰ মানুহ’ৰ ৰোষত পৰাৰ ভয়? এয়াই যদি হয়, বিশ্ববিদ্যালয়খনত হোৱা আৰু হ’ব লগীয়া গৱেষণাবোৰত আৰু এই গৱেষণাৰ ভিত্তিত আগ বঢ়োৱা ডিগ্ৰীবোৰৰ মূল্য/মান সন্দৰ্ভত প্ৰশ্নচিহ্নৰ সৃষ্টি নহ’ব নে? এইদৰে বিশ্ববিদ্যালয়খনে জিলিকাব পাৰিবনে লুইতৰে পাৰ?

উল্লেখযোগ্য যে গুৱাহাটীৰ স্বৰূপজ্যোতি বৰদলৈ নামৰ এজন ব্যক্তিয়ে প্ৰথমে ড০ দিলীপ দাসৰ এই বৌদ্ধিক চৌৰ্য্যবৃত্তি আৰু গৱেষণা জালিয়াতিৰ বিষয়ে বিশ্ববিদ্যালয়ক তথ্যভিত্তিক অভিযোগ দিছিল। প্ৰথম অভিযোগ দিছিল ২০১৬ চনৰ ৫ ছেপ্টেম্বৰত। তাৰ পিছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিষয়টো তদন্ত কৰিবলৈ বিশ্ববিদ্যালয়ৰ গৱেষণা পৰিষদে ২০১৬ চনৰ ২২ ছেপ্টেম্বৰত বহা এখন বৈঠকত অধ্যাপক যতীন কলিতা (ডীন ফেকাল্টি অব ছায়েন্স), অধ্যাপক তুলসী বেজবৰুৱা (ECT বিভাগৰ মুৰব্বী) আৰু অধ্যাপক মাধুৰ্য্য বৰা (একাডেমিক ৰেজিষ্ট্ৰাৰ)ক লৈ এখন তিনিজনীয়া তদন্ত কমিটী গঠন কৰি দিয়ে।

GU_Tadanta_2
তদন্ত কমিটীৰ প্ৰতিবেদনৰ কিছু কথা থকা প্ৰতিলিপি।

তদন্ত কমিটীয়ে দুয়োজন গৱেষকৰ গৱেষণা পত্ৰ দুখন পৰীক্ষা কৰি পিছৰজন গৱেষকৰ কামক স্পষ্টকৈ এটা বৌদ্ধিক চৌৰ্য্যবৃত্তি (plagiarism)ৰ ঘটনা বুলি কয় আৰু গৱেষকজন আৰু তত্ত্বাৱধায়ক/গাইড দুজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কয়।

প্ৰতিবেদন মতে, প্ৰথমৰজন গৱেষক গাজী আমীন আহমেদৰ গৱেষণাৰ বিষয় আছিল ‘design considerations of a laser based air quality monitoring system coupled to a microprocessor linked data recording and processing unit’ আৰু দ্বিতীয়জন, অৰ্থাৎ ড০ দিলীপ দাসৰ গৱেষণাৰ বিষয় হ’ল ‘design study of a laser based air quality monitoring system with PC based data acquisition system’।

ইয়াৰ পৰা জালিয়াতিত জড়িতকেইজনৰ প্ৰথমৰ পৰাই অভিসন্ধি থকাৰ কথাটো ওলাই পৰিছে। বিষয়বস্তুটোৰ নাম সামান্য সালসলনি কৰি (coupled to a microprocessor ৰ ঠাইত একেটা অৰ্থ কৰা PC based শব্দকেইটা লগোৱা হৈছে) একেটা বিষয়েই লোৱা হৈছে গৱেষণাৰ বাবে।

তদন্তৰ প্ৰতিবেদনত উল্লেখ থকা মতে, গাজী আমীন আহমেদে (প্ৰথমজন গৱেষক) ২০০১ চনত তেওঁৰ গৱেষণা পত্ৰখন দাখিল কৰিছিল আৰু এবছৰ পিছতে ২০০২ চনত ড০ দিলীপ দাসে দাখিল কৰে। একেই বিভাগ (USIC), একেটা বিষয়ত, একেটাই লেবৰেটৰিত একেকেইজন তত্ত্বাৱধায়কৰ অধীনত দুয়োখন গৱেষণাপত্ৰ প্ৰস্তুত কৰা হৈছিল।

প্ৰতিবেদনত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল, বিশ্ববিদ্যালয়খনে জালিয়াতি (plagiarism) ধৰা পেলাবৰ বাবে ব্যৱহাৰ কৰি অহা ছ’ফটৱেৰ URKUND-অৰ automatic text recognition -অত দ্বিতীয়খন গৱেষণা পত্ৰৰ text অংশৰ ৩৪ শতাংশ প্ৰথমখনৰ সৈতে একে বুলি ফলাফল দেখুৱায়। এই ছফটৱেৰত গাণিতিক সূত্ৰবোৰ ৰিজনি কৰি চোৱাৰ সুবিধা নাই বাবে সেইবোৰ তদন্তকাৰী সমিতিখনে তন্ন তন্নকৈ পৰীক্ষা কৰে। তেওঁলোকে এই গাণিতিক অংশটোত ড০ দিলীপ দাসৰ গৱেষণা পত্ৰখন পূৰ্বৰখনৰ সৈতে ৯০ শতাংশ মিল পায়।

GU_Tadanta_3
তদন্ত কমিটীৰ প্ৰতিবেদনৰ এটা অংশ।

“Several paragraphs and pages of (B) are simply copied from (A) with littel or no changes” প্ৰতিবেদকসকলে তেওঁলোকৰ প্ৰতিবেদনত এইদৰে উল্লেখ কৰে (ইয়াত B মানে ড০ দিলীপ দাসৰ গৱেষণা পত্ৰ আৰু A মানে প্ৰথমজন গৱেষকৰ গৱেষণাপত্ৰক বুজোৱা হৈছে)।

ইয়াৰোপৰি প্ৰতিবেদনটোত কোৱা হৈছে, “Almost 90% of the mathematical equations presented in (B) are same as in (A).”, আকৌ কৈছে, “The experimental setup of (B) is exactly same as in (A).” অৰ্থাৎ পিছৰজন গৱেষকে যিবোৰ তেওঁৰ পৰীক্ষালব্ধ বিশ্লেষণ দেখুৱাইছে সেইবোৰৰ figure বোৰ আগৰজনৰ সৈতে একেই।

আকৌ কোৱা হৈছে, “Most importantly the result part of (B) is simply a copy of corresponding part of (A)”

মুঠতে তদন্ত কমিটীয়ে প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই দুয়োখন গৱেষণাপত্ৰ যে অভিপ্ৰায়মূলকভাৱে কৰা সামান্য সালসলনিখিনিক বাদ দি হুবহু একে তাক প্ৰমাণ কৰি দেখুৱাইছে। প্ৰতিবেদনত স্পষ্টকৈ ইয়াক বৌদ্ধিক জালিয়াতি বুলি উল্লেখ কৰিছে। লগতে এই কথাও কৈছে যে ইমানখিনি হুবহু তুলি দিয়াৰ পিছতো ড০ দিলীপ দাসে আগৰ গৱেষকজনৰ গৱেষণাপত্ৰখনৰ কোনো উল্লেখ কৰা নাই।

তদন্তকাৰী কমিটীয়ে কোনো দ্বিধাহীনভাৱে লিখিছে “The author of (B) has presented results of (A) in his thesis as his own work which amounted to theft of intellectual property and academic plagiarism.”

প্ৰতিবেদনৰ শেষত কমিটীয়ে ইয়াক শৈক্ষিক চৌৰ্য্যবৃত্তিৰ ‘বিশুদ্ধ ঘটনা’ আখ্যা দিয়ে (“This is a pure case of academic plagiarism”) আৰু দ্বিতীয়খন গৱেষণাপত্ৰৰ লেখকৰ বিৰুদ্ধে আৰু তেওঁৰ সংশ্লিষ্ট তত্ত্বাৱধায়ক/গাইড দুজন (ড০ অমৰজ্যোতি চৌধুৰী আৰু জি কে ডি মজুমদাৰ)ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

বিশ্ববিদ্যালয়ে নিজেই তদন্ত কমিটী গঠন কৰি দিয়াৰ পিছতো আৰু ইমান স্পষ্টকৈ দোষীক চিনাক্ত কৰি দিয়াৰ পিছতো কিহৰ ভয়ত ব্যৱস্থা নল’লে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই?

GU_Tadanta_4
তদন্ত কমিটীৰ প্ৰতিবেদনৰ এটা অংশ।

আনকি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই প্ৰতিবেদনৰ তথ্য আৰু প্ৰতিলিপি বিচাৰি কৰা আৰ টি আই আৱেদনৰো উত্তৰ দিব খোজা নাছিল স্বৰূপজ্যোতি বৰদলৈক। বৰদলৈয়ে পিছত তথ্য আয়োগত যোৱাৰ ফলত তথ্য আয়োগে কঠোৰ নিৰ্দেশ দিয়াতহে তেওঁক এই প্ৰতিবেদনৰ তথ্য দিবলৈ বাধ্য হয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

জানিব পৰামতে, যোৱা ১৭ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এখন বৈঠকত এই প্ৰসংগটো ই চিৰ এজন সদস্যই উত্থাপন কৰিছিল। কিন্তু তেতিয়া কৰ্তৃপক্ষই ‘গাইডকেইজনলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে, উত্তৰ অহা নাই’ বুলি গা এৰা দিয়ে।

প্ৰশ্ন হয়, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ভয় কৰিছে কালৈ? শৈক্ষিক কেলেংকাৰিৰ প্ৰতি গা এৰা দিয়া স্থিতিয়ে শিক্ষানুষ্ঠানটোৰ বৌদ্ধিক সততা, গৱেষণাৰ উচ্চ মানবিশিষ্টতা তথা বস্তুনিষ্ঠতাৰ প্ৰতি মানুহৰ মনত সন্দেহৰ ভাব বিয়পাই নিদিবনে? দৰাচলতে ইয়াৰ জৰিয়তে অসমৰ মূধাফুটা এটা শৈক্ষিক প্ৰতিষ্ঠান হিচাপে থকা নিজৰ গৰিমাতে আঘাত কৰিছে বিশ্ববিদ্যালয়খনে।

Recent News

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd