• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰৰ স্পষ্টীকৰণঃ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব নোৱাৰে ৰাজ্য চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 4:31 pm
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ চৰকাৰে স্পষ্টকৈ কয় যে, ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আদালতত আবেদন দাখিল কৰাৰ কোনো অধিকাৰ নাই। বৃহস্পতিবাৰে এই বিষয়ত অনুষ্ঠিত হোৱা শুনানিত কেন্দ্ৰৰ পক্ষৰ পৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই যুক্তি আগবঢ়ায়। তেওঁৰ মতে, সংবিধানৰ অধীনত ৰাজ্য চৰকাৰৰ কোনো মৌলিক অধিকাৰ নাই যিয়ে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব পাৰে। এই অধিকাৰ কেৱল জনসাধাৰণৰ বাবে সংৰক্ষিত।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠত এই যুক্তি উত্থাপন কৰে। বিচাৰপীঠত ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ অতুল এছ চন্দুৰকাৰ অন্তৰ্ভুক্ত আছিল। কেন্দ্ৰ চৰকাৰে যুক্তি দিয়ে যে, বিধানসভাই গৃহীত কৰা বিধেয়কসমূহৰ সন্দৰ্ভত ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা জনতাৰ মৌলিক অধিকাৰ খৰ্ব হ’ব পাৰে বুলি তুষাৰ মেহতাই আদালতত কয়।

Apply Now

তুষাৰ মেহতাই আদালতত প্ৰশ্ন উত্থাপন কৰি কয়, “ৰাষ্ট্ৰপতিয়ে জানিব বিচাৰে যে এখন ৰাজ্য চৰকাৰে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিব পাৰে নেকি?” তেওঁ সংবিধানৰ ৩৬১ নং দফা উল্লেখ কৰি কয় যে, এই দফাই ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালক বিশেষ ক্ষমতা প্ৰদান কৰে আৰু তেওঁলোকৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ নাই। লগতে তেওঁ কয়, “৩২ নং অনুচ্ছেদে এজন ব্যক্তিক আদালতত গোচৰ ৰুজু কৰাৰ অধিকাৰৰ নিশ্চয়তা দিয়ে, কিন্তু ৰাজ্য চৰকাৰৰ কোনো মৌলিক অধিকাৰ নাই।”

কেন্দ্ৰ চৰকাৰে পূৰ্বেও উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছিল যে, ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ ওপৰত কোনো সময়সীমা আৰোপ নকৰিব। তুষাৰ মেহতাই সংবিধানৰ ২০০ নং অনুচ্ছেদ উল্লেখ কৰি কয় যে, এই অনুচ্ছেদে ৰাজ্যপালক বিধেয়ক অনুমোদন কৰাৰ অধিকাৰ দিয়ে। লগতে ২০১ নং অনুচ্ছেদে ৰাজ্যপালক বিধেয়কখন ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে স্থগিত ৰখাৰ অধিকাৰও প্ৰদান কৰে। তেওঁৰ মতে, এই অধিকাৰসমূহ পৰিৱৰ্তন কৰাটো সংবিধান পুনৰ লিখাৰ সমান।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ গভাইয়ে কয় যে, ৮ এপ্ৰিলত দুজন ন্যায়াধীশৰ সিদ্ধান্তৰ সন্দৰ্ভত তেওঁ কোনো মন্তব্য নকৰে। কিন্তু ৰাজ্যপালে বিধেয়কখন ছমাহলৈ বিচাৰাধীন ৰখাটো সঠিক নহয় বুলি তেওঁ মত প্ৰকাশ কৰে। ইয়াৰ উত্তৰত তুষাৰ মেহতাই কয় যে, যদি কোনো সাংবিধানিক প্ৰতিষ্ঠানে নিজৰ কৰ্তব্য পালন নকৰে, তেন্তে আদালতে আন এখন সাংবিধানিক প্ৰতিষ্ঠানক নিৰ্দেশ দিব নোৱাৰে।

এই বিষয়ত শুনানি এতিয়াও অব্যাহত আছে আৰু ইয়াৰ ফলাফলে ভাৰতৰ সংবিধানিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে বিধেয়ক অনুমোদন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰাৰ দিশত এই গোচৰটোৱে নতুন মাত্ৰা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

সাত দশকৰ বৰ্ণিল যাত্ৰাৰ অন্ত: ৰূপালী পৰ্দাক চিৰবিদায় জনালে ক্লিণ্ট ইষ্টউডে

June 4, 2026 5:15 pm
ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

ট্ৰেকিংত গৈ সন্ধানহীন ২৪ বছৰীয়া এম বি এ ছাত্ৰী; যুৱতীৰ ২ বন্ধুক আটক কৰি জেৰা, বাঢ়িছে ৰহস্য

June 4, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm
গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

গ্ৰহৰ সঞ্চালন, শুক্ৰ গ্ৰহক ঢাকি ধৰিব চন্দ্ৰই! জুন মাহত ঘটিব একাধিক মহাজাগতিক পৰিঘটনা

June 4, 2026 5:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd