NORTHEAST NOW (Assamese)

“দুৰ্ঘটনাজনিত” আছিল গান্ধীজীৰ মৃত্যু?

November 14, 2019 8:48 pm · এন ই নাও নিউজ
Updated: November 14, 2019 9:01 pm
মহাত্মা গান্ধী। ছবি-- উইকিমিদিয়া কমনছ।

ভাৰতৰ “জাতিৰ পিতা”ৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ দেশজোৰা চৰকাৰী আয়োজনৰ মাজতে অ’ড়িছাৰ শিক্ষা বিভাগে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক কৈছে গান্ধীজীৰ মৃত্যু “দুৰ্ঘটনাজনিত” আছিল।

আমা বাপুজী: আকা ঝলকা (আমাৰ বাপুজী: এক জিলিঙনি) শীৰ্ষক ৰঙীন পুস্তিকাখনত কোৱা হৈছে, “১৯৪৮ চনৰ ৩০ জানুৱাৰিত নতুন দিল্লীৰ বিৰলা হাউচত তেওঁৰ মৃত্যু হৈছিল ঘটনাক্ৰমৰ এক দুৰ্ঘটনাজনিত কাৰণত”।

তাৎপৰ্য্যপূৰ্ণভাৱে, দুই পৃষ্ঠাৰ পুস্তিকাখন গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবেই অ’ড়িছা চৰকাৰে প্ৰকাশ কৰিছে।

নাথুৰাম গদছেই কেইবাশও লোকৰ উপস্থিতিত গান্ধীজীক গুলীয়াই মৰা বুলি সকলোৱে জনা তথ্যটোৰ অনুপস্থিতিৰ বাবে বহুলোকে পুস্তিকাখনত আপত্তি দৰ্শাইছে আৰু অ’ড়িছা চৰকাৰৰ উদ্দেশ্যত প্ৰশ্ন উত্থাপন কৰিছে।

উগ্ৰ হিন্দুত্ববাদী গদছেক গান্ধী-হত্যাত দোষী সাব্যস্ত কৰা হৈছিল আৰু তেওঁক ফাঁচী দিয়া হৈছিল।

বহুলোকে এতিয়া পুস্তিকাখনে ঐতিহাসিক সত্যত ঢাকনি দি নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি অভিযোগ তুলিছে, আৰু ইয়াক বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।

কিছু লোকে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী সমীৰ দাসৰ পদত্যাগ দাবী কৰিছে।

মন্ত্ৰী দাসে পুস্তিকাখন সন্দৰ্ভত কি কৰিব পৰা যায় চোৱাৰ আশ্বাস দিছে, কিন্তু বিষয়টোক একধৰণৰ মান্যতাও দিছে।

তেওঁৰমতে, কোমলমতীয়া ল’ৰা-ছোৱালীবোৰৰ সংবেদনশীলতাক আঘাত নকৰাৰ বাবেই হত্যা-গুলীৰ দৰে শব্দ ব্যৱহাৰ কৰা হোৱা নাছিল।

“গুলীওৱাৰ ঘটনাটোও আনকি এক দুৰ্ঘটনা,” পুস্তিকাখনত ব্যৱহৃত “ঘটনাক্ৰমৰ দুৰ্ঘটনাজনিত কাৰণ” বাক্যটোৰ উদ্দেশ্য ইতিহাস বিকৃতকৰণৰ কোনো অভিপ্ৰায় নহয় বুলি উল্লেখ কৰি দাসে এক সংবাদপত্ৰক কয়।

পুস্তিকাখনত বিষয়টো অধিক বিস্তাৰিতভাৱে উল্লেখ থকা হ’লে ভাল আছিল বুলি অৱশ্যে মন্ত্ৰীজনে মন্তব্য কৰিছে।

Related News