নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদন; মহিলাৰ বাবে উত্তৰ-পূবৰ ভিতৰত অসুৰক্ষিত অসম

representative image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সোমবাৰে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোই (NCRB) প্ৰকাশ কৰা ২০১৭ চনৰ প্ৰতিবেদন অনুসৰি উত্তৰ-পূবৰ ভিতৰত অসমত নাৰীজনিত অপৰাধৰ ঘটনা সৰ্বাধিক।

এন চি আৰ বিয়ে প্ৰকাশ কৰিবলগীয়া ভাৰতত সংঘটিত অপৰাধৰ বাৰ্ষিক প্ৰতিবেদন সোমবাৰে দুবছৰ পলমকৈ প্ৰকাশ কৰে।

প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি ২০১৭ চনত অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা মুঠ ২৩,০৮২ টা গোচৰ ৰুজু কৰা হয় যি উত্তৰ-পূবৰ অন্য ৰাজ্যৰ তুলনাত সৰ্বাধিক।

উত্তৰ-পূবৰ অন্য ৰাজ্যত মহিলাৰ বিৰুদ্ধ সংঘটিত হোৱা অপৰাধৰ গোচৰৰ সংখ্যা অসমৰ দৰে হাজাৰত নহয়।

ৰাজ্যত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ সমূহৰ ভিতৰত হত্যা, ধৰ্ষণ, এচিড আক্ৰমণ, অপহৰণ আদিয়ে প্ৰধান।

এই প্ৰতিবেদনত উত্তৰপ্ৰদেশ আৰু বিহাৰে ক্ৰমে প্ৰথম আৰু দ্বিতীয়স্থান দখল কৰাৰ বিপৰীতে অসম তৃতীয় স্থানত আছে।

যিহেতু অসম উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক জনসংখ্যা প্ৰধান ৰাজ্য এইক্ষেত্ৰত পৰিসংখ্যাই সকলো প্ৰকৃত তথ্য দাঙি নধৰে।

এন চি আৰ বিৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পাছতে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰে।

‘‘অৱশেষত এন চি আৰ বিৰ প্ৰতিবেদন প্ৰকাশ হ’ল আৰু মহিলাৰ বিপক্ষে প্ৰধান মন্ত্ৰীৰ সংসদীয় গৃহ ৰাজ্য উত্তৰপ্ৰদেশত অপৰাধৰ সংখ্যা সৰ্বাধিক। মোদী উত্তৰপ্ৰদেশৰ পৰা লোকসভাৰ সাংসদ,’’ সুস্মিতা দেবে টুইটাৰত লিখে।