পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ তৃণমূলৰ প্ৰাৰ্থী ৰিপুন বৰা? নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত জল্পনা-কল্পনা

তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীৰ সৈতে ৰিপুন বৰা। ফাইল ফটো: সংগ্ৰহীত।

তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰা পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ চৰ্চা চলিছে। তেওঁ  গোৱাৰ লুইচিনহ’ ফেলিৰিয়ে খালী কৰা ৰাজ্যসভাৰ আসনখনৰ প্ৰাৰ্থী হ’ব পাৰে। ৰাজ্যখনৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, অন্তিম মুহূৰ্তত কোনো পৰিৱৰ্তন নহ’লে এই নামটো চূড়ান্ত বুলি ক’ব পাৰি।

সূত্ৰ মতে, এই বিষয়ে ৰিপুণ বৰাক অৱগত কৰা হৈছে। তৃণমূল কংগ্ৰেছে প্ৰাক্তন সাংসদ ৰিপুন বৰাক সন্মুখত ৰাখি অসমত সংগঠন বৃদ্ধিৰ বাবে কাম কৰি আছে। কিন্তু এই ক্ষেত্ৰত সুস্মিতা দেৱে পুনৰ আন এখন আসনত মনোনীত হ’ব নে নহয় তাক লৈও অলপ প্ৰশ্ন আছে। শিলচৰত সুস্মিতাৰ নাম লোকসভাৰ বাবে বিবেচনা কৰা হ’ব পাৰে।

ইপিনে, সুস্মিতা দেৱক ত্ৰিপুৰাত দায়িত্ব দিয়া হৈছিল যদিও তাত দলৰ ফলাফল ভাল কৰাত ব্যৰ্থ হয়। তৃণমূল কংগ্ৰেছে বহিঃৰাজ্যলৈ ইয়াৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। তাৰবাবে বিভিন্ন ৰাজ্যত শক্তিশালী নেতাৰ সন্ধানো কৰিছে।

অসমত তেওঁলোকে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক দলটোৰ নেতৃত্ব প্ৰদান কৰিছে আৰু আগন্তুক দিনত দলৰ ভেটি মজবুত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে। এইবাৰ পশ্চিমবংগত ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ-নিৰ্বাচন আৰু ছয়খনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

তৃণমূলৰ সূত্ৰ অনুসৰি, সুখেন্দুশেখৰ ৰায়, ডেৰেক অ’ব্ৰেয়েন, দোলা সেনৰ মনোনয়ন নিশ্চিত হৈছে। কিন্তু শান্তা ছেত্ৰী আৰু সুস্মিতা দেৱ থাকিব নে নতুন কোনোবা মুখ আহিব সেই সন্দৰ্ভত মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ মাজত প্ৰাৰম্ভিক আলোচনা হৈ গৈছে।

তৃণমূল কংগ্ৰেছে পূৰ্বেও অসমত দলৰ ভেটি শক্তিশালী কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন নেতাৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল। সেইদৰে, ৰাজ্যৰ এগৰাকী বিৰোধী নেতাৰ সৈতে চুক্তি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছিল। জানিব পৰা মতে, সেইবাৰো উক্ত নেতাজনক পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী কৰি নিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। অৱশ্যে কিছু পৰিস্থিতিগত কাৰণত সেই পৰিকল্পনা ব্যৰ্থ হয়।