নগাঁও জিলাৰ ২৬ গৰাকী সাংবাদিকলৈ সাংবাদিকৰ স্বীকৃতি পত্ৰ

Nagaon DC office

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ২৬ গৰাকী সাংবাদিকক আজি অসম চৰকাৰৰ জনসংযোগ বিভাগে প্ৰদান কৰা সাংবাদিকৰ স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত নগাঁও জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাই সাংবাদিকসকলক আনুষ্ঠানিকভাৱে স্বীকৃতি পত্ৰ প্ৰদান কৰে।

স্বীকৃতি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত উন্নয়ন আয়ুক্ত গৰাকীয়ে অসম চৰকাৰে ৰাজ্যখনৰ সাংবাদিক সকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোকপাত কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা জনসংযোগ বিষয়া সমৰ কলিতাই জিলা জনসংযোগ বিভাগে সাংবাদিকসকলে স্বীকৃতি পত্ৰ লাভৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি সাংবাদিকসকলে ইয়াৰ জৰিয়তে চিকিৎসা সেৱাকে ধৰি বিভিন্ন সা সুবিধা লাভ কৰিব পাৰিব বুলিও সদৰী কৰে।

সভাত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, নগাঁও এক্ৰেদিটেশ্যন কমিটিৰ সদস্য জিতেন বৰকটকী আদিয়ে অংশগ্ৰহণ কৰি সাংবাদিক সকলৰ সমস্যাৰ বিষয়ে উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক হৰেশ্বৰ বৰায়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত স্বীকৃতি পত্ৰ লাভ কৰা সাংবাদিক সকলক জিলা প্ৰশাসন আৰু জিলা জনসংযোগ বিভাগে ফুলাম গামোচাৰে আদৰণি জনায়।