মৰিগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে গেৰুৱা ৰাজনীতি কৰাৰ অভিযোগ

মন্ত্ৰী হিমন্তই সঘনাই অহা-যোৱা কৰি বুজ লৈ আছে অধিৱেশনৰ প্ৰস্তুতিৰ প্ৰতিটো অগ্ৰগতিৰ

Babul Bora

এটা অনুষ্ঠানত ভাষণৰত অৱস্থাত বাবুল বৰা। ফটোৰ উৎস : ফেইচবুক।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ প্ৰধান মন্ত্ৰী মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি বিতৰ্কই জোকাৰি যোৱাৰ পিছত অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে উঠিছে সংঘত থাকি গেৰুৱা ৰাজনীতি কৰাৰ অভিযোগ।

সংঘৰে বহুতো ভকত বৈষ্ণৱে বাবুল বৰাই নিজৰ ৰাজনৈতিক অভিলাষ পূৰণৰ বাবে অধিৱেশনক ৰাজনৈতিক নেতাৰ প্ৰচাৰ মঞ্চত পৰিণত কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ আনিছে। প্ৰকাশ্যে প্ৰতিবাদ কৰিবলৈ সাহস নকৰিলেও বহুকেইজন কৰ্মকৰ্তাও বৰা বাপৰ এই কাৰ্য্যত অসন্তুষ্ট বুলি জানিব পৰা গৈছে।

আনকি ছ’চিয়েল মিডিয়াতো বাবুল বৰাৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ অব্যাহত ৰাখিছে বহুতো ভকত-বৈষ্ণৱে। জানিব পৰা মতে বাবুল বৰাৰ বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। যদিও সেয়া অস্বাভাৱিক নহয়, বিজেপিৰ উৎকট ধৰ্মীয় অসহিষ্ণুতাৰ আদৰ্শ প্ৰচাৰৰ বাবে সংঘৰ মজিয়া আগ বঢ়াই দিবলৈ ওলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

“অসমৰ এটা সুবৃহৎ ধৰ্মীয় অনুষ্ঠানৰ পৱিত্ৰ মঞ্চখনক ৰাজনৈতিক নেতাৰ আড্ডাস্থলীলৈ ৰূপান্তৰিত কৰি অপৱিত্ৰ কৰিবলৈ প্ৰয়াস কৰা এইজন বাবুল বৰা বিজেপি দলৰো এজন নেতা”, এজনে ছ’চিয়েল মিডিয়াত লিখে।

মৰিগাওঁ অঞ্চলৰ আন কেইবাজন লোকে বৰাৰ বিৰুদ্ধে একেই অভিযোগ আনে। আনহাতে আন এজনৰ দাবী বাবুল বৰা পৰৱৰ্তী বিধান সভা নিৰ্বাচনৰ মৰিগাঁও সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী। গতিকে দিনে-নিশাই হিমন্ত বিশ্ব তোষণত ব্যস্ত এইগৰাকী সংঘৰ বিষয়ববীয়া।

“এইক্ষেত্ৰত উচিত পদক্ষেপ ল’বলৈ শংকৰ সংঘৰ সন্মানীয় বিষয়ববীয়াসকলক কৰযোৰে অনুৰোধ জনালোঁ।” বুলিও তেওঁ ছ’চিয়েল মিডিয়াৰ পোষ্টটোত কয়।

আনহাতে, এটা সূত্ৰমতে এইকেইদিন অধিৱেশনৰ কামকাজৰ অগ্ৰগতিৰ বুজ ল’বলৈ মন্ত্ৰী হিমন্ত সঘনে অহা-যোৱা কৰি আছে মৰিগাৱঁলৈ। মন্ত্ৰী হিমন্তৰ এটা লবি সংঘত গঢ় লৈ উঠিছে বুলি ইতিপূৰ্বে অভিযোগ আছেই।

এইবোৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত মত ল’বলৈ আমি বাবুল বৰাৰ সৈতে ৮৬৩৮৭১৪৩৫৫ নম্বৰত যোগাযোগ কৰিবৰ চেষ্টা কৰিছিলো যদিও তেওঁক ফোনত পোৱা নগ’ল।

উল্লেখযোগ্য যে ৰাজনীতি সুমুওৱাক লৈ যোৱা দুদিনত সংঘত ভিতৰুৱা সংঘাত সৃষ্টি হৈছে বুলি কিছু সংখ্যক সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছিল, যাৰ বাবে ১৪ জানুৱাৰিত বাবুল বৰাই সংবাদমেল পাতি সেই বাতৰিৰ অভিযোগ মিছা বুলি স্পষ্টীকৰণ দিব লগীয়া হয়।