NORTHEAST NOW (Assamese)

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ পুখুৰীত ডুবি মৃত্যু ধিঙৰ ধৰ্ষণ কাণ্ডৰ প্ৰধান অভিযুক্তৰ

August 24, 2024 9:24 am · এন ই নাও নিউজ, গুৱাহাটী

নগাঁওৰ ধিঙৰ ধৰ্ষণ কাণ্ডৰ প্ৰধান অভিযুক্ত তাফাজুল ইছলামৰ পুখুৰীত ডুবি মৃত্যু হৈছে।

অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত জপিয়াই দিয়াত ঘটনাটো সংঘটিত হয় ।

তেওঁক তদন্তৰ বাবে অপৰাধস্থলীলৈ লৈ যোৱাৰ সময়তে অভিযুক্তই পলাবলৈ চেষ্টা কৰিছিল।

লগতে পঢ়কঃ হাতীৰ মৃত্যুৰ গোচৰত নুমলীগড় শোধনাগাৰ লিমিটেডৰ মুখ্য প্ৰবন্ধকৰ জামিন নাকচ আদালতৰ

তাফাজুল ইছলামৰ লগতে আন দুজন লোকে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গাত কোনো কাপোৰ নৰখাকৈ বনাঞ্চলত পৰিত্যক্ত অৱস্থাত এৰি থৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পূর্বে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ন্যায় প্রদান কৰা হ’ব আৰু অপৰাধৰ সকলো দোষীয়ে উপযুক্ত শাস্তি লাভ কৰিব বুলি কৈছিল৷

Related News