গোলাঘাট আদালতৰ নতুন সংযোজন : ভিডিও কনফাৰেন্সিঙ যোগে হাজিৰ কৰা হ’ব আচামী

WhatsApp-Image-2019-06-13-at-6.35.36-PM

ডিজিটেল ইণ্ডিয়া অভিযানে চতুৰ্থ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে গোলাঘাট জিলা আদালতত আধুনিক তথ্য-প্ৰযুক্তিৰ প্ৰয়োগেৰে আচামীক আদালতত হাজিৰ কৰোৱাৰ ক্ষেত্ৰত কিছু নতুনত্ব অনাৰ প্ৰচেষ্টা চলোৱা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰৰে পৰা ন্যায়িক জিম্মাত থকা আচামীক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শাৰীৰিকভাৱে হাজিৰ কৰোৱাৰ পৰিৱৰ্তে ভিডিও কনফাৰেন্সিঙযোগে কাৰাগাৰৰ ভিতৰৰ পৰাই সাক্ষাৎ কৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে।

অৱশ্যে, মুখ্য ন্যায়িক দণ্ডাধীশ কিৰণলাল বৈষ্ণৱে আৰম্ভ কৰা এই ব্যৱস্থাৰে পৰৱৰ্তী সময়ত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত, মহকুমা ন্যায়িক দণ্ডাধীশ(সদৰ)ৰ আদালত আৰু প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালততো আচামী হাজিৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

মনকৰিবলগীয়া যে ন্যায়িক জিম্মাত থকা এজন  ব্যক্তিক আদালতত হাজিৰ কৰাৰ ক্ষেত্ৰত এক দীঘলীয়া প্ৰক্ৰিয়া আৰু কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লগা হয়।

আদালতৰ নিৰ্ধাৰিত তাৰিখত এজন আচামীক ৪/৫ কিলোমিটাৰ দূৰৰ কাৰাগাৰৰ পৰা  আদালতত হাজিৰ কৰিবলৈ অনাৰ লগে লগে সমগ্ৰ দিনতো ব্যক্তিজনক এটা সৰু দুৰ্গন্ধময় লকআপ ৰুমত ৰাখিব লগা হয়।

আনহাতে,কেতিয়াবা কাৰাগাৰ-আদালতৰ উক্ত পথছোৱাতে বহু অপৰাধীয়ে পলায়ন কৰি আৰক্ষীক বিপাঙত পেলায়। তদুপৰি, কৰ্মৰত প্ৰায় প্ৰতিদিনে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এনেদৰে দহ/পোন্ধৰজন আচামীক হাজিৰ কৰা হয় য’ত আদালতৰ এক দীঘলীয়া সময় ব্যয় হয়।

গতিকে, এনেধৰণৰ সমস্যাসমূহ দূৰ কৰি দ্রুত, নিৰাপদ পন্থাৰে আচামীক সাক্ষাৎ কৰাৰ বাবে আদালতে তথ্য-প্ৰযুক্তিৰ সহায় লোৱা বুলি জানিবলৈ দিছে। ই ক’ৰ্টছ ইন্টিগ্ৰেটেড মিশ্যন ম’ড প্ৰজেক্ট (ecourts integrated mission mode project)ৰ অধীনত উক্ত ভিডিও কনফাৰেন্সিঙৰ ব্যৱস্থা কৰা হৈছে বুলি গোলাঘাট জিলাৰ ছিষ্টেম অফিচাৰ যুগান্ত জাৰাধৰাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ই-গভৰ্ণাঞ্চ প্ৰজেক্টৰ অধীনত দেশৰ প্ৰতিখন জিলাৰ জিলা আৰু নিম্ন আদালতসমূহত সৰ্বসাধাৰণ,অধিবক্তা আৰু ন্যায়িক বিষয়া-কৰ্মচাৰীসকলৰ সুবিধাৰ্থে এই ই ক’ৰ্টছ ব্যৱস্থা কৰা হৈছে।

এনে ব্যৱস্থাপনাৰ অধীনত গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপত উভয় পক্ষ উপকৃত হ’ব বুলি আশা কৰা হৈছে।