সঠিক ব্যক্তি চিনিবলৈ হ’লে আজিয়েই অনুসৰণ কৰক চাণক্য নীতি; হাতে হাতে পাব ফল

ভাৰতৰ ইতিহাসৰ পৃষ্ঠা লুটিয়ালে আজিও জিলিকি থকা মহান পণ্ডিতজনৰ নাম হৈছে চাণক্য অৰ্থাৎ কৌটিল্য। তেওঁৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ ভাৰতৰ সম্পদ। মানুহৰ স্বভাৱ-চৰিত্ৰ বিশ্লেষণ কৰাত তেওঁ আছিল পাৰদৰ্শী। গতিকে আজিও যদি কোনোবাই বাস্তৱ জীৱনৰ বিষয়ে জ্ঞান আহৰণ কৰিব বিচাৰে তেন্তে চাণক্যৰ কথা অৱশ্যেই মানি চলিব লাগিব। সফল জীৱন যাপন কৰিবলৈ চাণক্যৰ নীতি শাস্ত্ৰ পঢ়িবই লাগিব।

সুখী জীৱন যাপনৰ সকলো উপায় তাত উল্লেখ আছে। বৈবাহিক সম্পৰ্ক সকলোৰে বাবে মধুৰ নহয় কাৰণ বেছিভাগ মানুহেই মানুহক চিনি পোৱাত ভুল কৰে। সম্পৰ্কৰ মধুৰতা বজাই ৰাখিবলৈ কিছুমান কথা মনত ৰাখিব লাগিব। আপুনি মনত ৰাখিব লাগিব যে যি যি ভুলে জীৱনত ক্ষতি কৰিব পাৰে যাতে সেই ভুলবোৰ আৰু কেতিয়াও নহয়। চাণক্য নীতিত এই সকলো কথা উল্লেখ আছে।

যদি আপুনি তেওঁৰ নীতিক জীৱনৰ আদৰ্শ বুলি গণ্য কৰে তেন্তে আপোনাৰ বাবে জীৱনটো বহুত সহজ হ’ব। যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে অতি সহজে। চাণক্য নীতিয়ে কেনেধৰণৰ মানুহৰ লগত মিলিব লাগে আৰু তেওঁলোকৰ লগত দূৰত্ব বজাই ৰাখিব লাগে সেই সন্দৰ্ভতো চাণক্যেই সঠিক বিৱৰণ দিছে। বাস্তৱ জীৱনত এইবোৰ অতি উপযোগী।

সন্মুখত ভাল আচৰণ কৰা আৰু পিছফালে আপোনাৰ ক্ষতি কৰা মানুহৰ পৰা সদায় আঁতৰি থাকক। তেওঁলোক কেতিয়াও বিশ্বাসযোগ্য নহয় আৰু যিকোনো সময়তে আপোনাৰ ক্ষতি কৰিব পাৰে।

সদায় কুটিল বন্ধুৰ পৰা আঁতৰি থাকক। তেওঁলোকে সকলোৰে সন্মুখত আপোনাৰ যিকোনো গোপন তথ্য প্ৰকাশ কৰিব পাৰে।

পিতৃ, মাতৃ, ভাতৃ, ভগ্নীৰ বাহিৰে কেতিয়াও কাকো বিশ্বাস নকৰিব। অত্যধিক চতুৰ মানুহৰ লগত কেতিয়াও সম্পৰ্ক নকৰিব। তেওঁলোকে আপোনাক অতি সহজে আঘাত দিব।

যিসকলে নিজৰ স্বাৰ্থৰ বাবে আপোনাৰ লগত সম্পৰ্ক কৰে তেওঁলোকৰ পৰা আঁতৰি থাকক। বিপদৰ সময়ত তেওঁলোক কেতিয়াও আপোনাৰ লগত নাথাকিব। কিন্তু তেওঁলোক আপোনাৰ বাবে কোনো কামতে নাহে।

সেয়ে, সম্পৰ্ক গঢ়ি তোলাৰ আগতে সাৱধান হ’ব লাগে। জীৱনত সমস্যাৰ সৃষ্টি কৰা মানুহৰ লগত সম্পৰ্ক নাৰাখিব। তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখা উচিত।