মৌৰ্যৰাজৰ প্ৰধানমন্ত্ৰীও আছিল চাণক্য। প্ৰায় ২৩শ বছৰ আগতে তেওঁ ভাৰতৰ মাটিত নিজৰ কাম-কাজ সম্পাদন কৰিছিল। তেওঁ কেইবাটাও ছদ্মনামেৰে লিখিছিল। চাণক্য, কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰে জনাজাত আছিল। তেওঁ লিখা বহুখিনি কথা আজিৰ আধুনিক যুগতো সমানেই সত্য। গতিকে জীৱনটো সুন্দৰ কৰি গঢ়িবলৈ চাণক্য নীতি অনুসৰণ কৰে বহুতেই।
ইয়াত চাণক্যই কোৱা এনেকুৱা পাঁচজনৰ বিষয়ে ক’ব খোজা হৈছে যিসকলৰ মাজত কেতিয়াও সোমোৱা উচিত নহয়। চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত এটা শ্লোকৰ যোগেদি পাঁচ প্ৰকাৰৰ লোকৰ কথা উল্লেখ কৰিছে। তেওঁ কয় যে এই পাঁচজন মানুহৰ মাজত কেতিয়াও ভুলতেও সোমাব নালাগে। এই পাঁচজন মানুহৰ মাজত কোনোবা এজন আহিলে তাৰ পৰা বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।
১. চাণক্যৰ মতে কেতিয়াও দুজন পণ্ডিতৰ মাজত সোমাব নালাগে। ই আপোনাৰ ক্ষতি কৰিব পাৰে। চাণক্যই কৈছে যে দুজন বিদ্বান মানুহ যেতিয়া কথা পাতি থাকে তেতিয়া তেওঁলোকৰ মাজত সোমোৱাটোৱেই হ’ল মূৰ্খামি।
২. চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত লিখিছে যে মালিক আৰু ভৃত্যৰ মাজত যি ঘটি আছে তাৰ মাজত কেতিয়াও তৃতীয় ব্যক্তি আহিব নালাগে।
৩. চাণক্যই কয়, যদি স্বামী-স্ত্ৰীয়ে ব্যক্তিগত বিষয়ত আলোচনা কৰি আছে তেন্তে কেতিয়াও তেওঁলোকক বাধা দিয়া উচিত নহয়।
৪. চাণক্যই শ্লোকৰ যোগেদি কৈছে, যজ্ঞ সম্পাদনৰ সময়ত অগ্নি আৰু পুৰোহিতৰ মাজত কোনো বাধা থাকিব নালাগে।
৫. কৃষি কাম কৰি থাকোঁতে কৃষকৰ নাঙল আৰু গৰুৰ মাজলৈ কোনেও অহা উচিত নহয়।