চাণক্য নীতি অনুসৰি এই ৫ টা স্থানত বাস নকৰিব, নহ’লে পতন অনিবাৰ্য!

প্ৰাচীন ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ পণ্ডিত আছিল আচাৰ্য চাণক্য। আচাৰ্য চাণক্যক ভাৰতীয় শাস্ত্ৰৰো সৰ্বকালৰ শ্ৰেষ্ঠ পণ্ডিত হিচাপে গণ্য কৰা হয়। আচাৰ্য চাণক্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ গুৰু। মানুহৰ জীৱনৰ বিভিন্ন কৌশলৰ ওপৰত লিখা “চাণক্য নীতি” নামেৰে তেওঁৰ গ্ৰন্থখন বিশ্ববিখ্যাত।

যিসকলে দৈনিক চাণক্য নীতি পালন কৰি আচাৰ্য চাণক্যৰ জীৱন দৰ্শনৰ সাৰমৰ্ম বুজি তাক গ্ৰহণ কৰে, তেওঁলোকৰ জীৱনত কোনো দুৰ্দশা নাথাকে।

গৃহ নিৰ্মাণ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজন। এই আৱাস পৰিষ্কাৰ আৰু পৱিত্ৰ হ’ব লাগে। আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত এই বাসস্থানৰ বিষয়ে পাঁচটা নীতি উল্লেখ কৰিছে যিবোৰ আমি আমাৰ বাসস্থান নিৰ্ণয় বা নিৰ্মাণ কৰাৰ আগতে জানিব লাগিব। সেই পাঁচটা নীতিৰ বিষয়ে জানো আহক।

১) আচাৰ্য চাণক্যই কৈছে যে য’ত মানুহৰ ঈশ্বৰৰ ওপৰত বিশ্বাস নাথাকে তাত মানুহে ইজনে সিজনক সন্মান নকৰে। এনে কোনো ঠাই আমি আমাৰ বাসস্থান হিচাপে বাছি লোৱা উচিত নহয়। কাৰণ এই ধৰণৰ বাসগৃহই কেতিয়াও আপোনাৰ জীৱনৰ উন্নতি সাধন নকৰে।

২) চাণক্য নীতি অনুসৰি কোনো সুস্থ ব্যক্তিয়ে উপাৰ্জনৰ কোনো উপায় নথকা ঠাইত থাকিব নালাগে। উপাৰ্জনৰ কোনো উপায় নথকা ঠাইত বাস কৰাটো সম্পূৰ্ণ অনুচিত। গতিকে এনে ঠাই যদি আপুনি বাসস্থান হিচাপে বাছি লয়, তেন্তে আপুনি কেতিয়াও আপোনাৰ জীৱনত সুখ আৰু শান্তি নাপাব।

৩) আচাৰ্য চাণক্যৰ মতে এনে ঠাইত বাস কৰা উচিত নহয় য’ত বাসিন্দাসকলৰ সমাজ আৰু আইনৰ প্ৰতি কোনো ভয় নাথাকে। কাৰণ সেই ঠাইৰ বাসিন্দাসকলে কেতিয়াও নিজৰ কৰ্মক লৈ চিন্তা নকৰে কিয়নো আইনৰ প্ৰতি কোনো ভয় নাথাকে। আৰু এনে ঠাই থাকিবলৈ কোনো কাৰণতে নিৰাপদ নহয়।

৪) আচাৰ্য চাণক্যই কৈছে যে যি ঠাইত বাসিন্দাসকল বেছিভাগেই স্বাৰ্থপৰ, সেই ঠাইখন কেতিয়াও আদৰ্শ বাসস্থান হোৱাৰ যোগ্য নহয়। কাৰণ এনে ঠাইৰ বাসিন্দাসকলৰ জীৱন সদায় দুখ-কষ্ট আৰু অস্থিৰতাত চলি থাকে।

৫) চাণক্য নীতি অনুসৰি কোনো সামাজিক সভ্য ব্যক্তিয়ে এনে ঠাইত থাকিব নোৱাৰে য’ত বাসিন্দাসকলে কোনো ধৰণৰ দান-বৰঙণি নিদিয়ে বা কৰিব নিবিচাৰে আৰু আনৰ সমস্যাৰ প্ৰতি উদাসীন। কাৰণ, এনে স্থানত থকা বাসিন্দাসকলৰ জীৱন সদায় সংগীহীন আৰু নিৰাপত্তাহীন।