NORTHEAST NOW (Assamese)

চাণক্যৰ মতে এই ৩টা অভ্যাস ত্যাগ কৰিলেই আপোনাৰ ওপৰত বৰ্ষিব মা লক্ষ্মীৰ আশীৰ্বাদ

June 12, 2023 7:14 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 12, 2023 7:15 am

আচাৰ্য চাণক্য ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ৰাজনীতিবিদ আৰু কূটনীতিবিদ। চন্দ্ৰগুপ্তৰ মহামন্ত্ৰী আৰু মুখ্য উপদেষ্টাও আছিল। তেওঁৰ সকলো কথা আৰু নীতি ‘অৰ্থ শাস্ত্ৰ’ আৰু ‘চাণক্য নীতি’ নামৰ দুখন গ্ৰন্থত সংকলন কৰিছিল। এই গ্ৰন্থত আচাৰ্য চাণক্যই কৈছে যে এই তিনিটা কাৰণতে লক্ষ্মীয়ে মানুহক এৰি থৈ যায়।

লক্ষ্মী চাঞ্চলা বুলি কোৱা হয়। তেওঁ বেছি দিন এটা ঠাইত নাথাকে লক্ষ্মীয়ে দখল কৰা ঘৰখন যেনেকৈ ধন-সম্পত্তি, সুখ আৰু সমৃদ্ধিৰে ভৰি থাকে, তেনেকৈ লক্ষ্মীয়ে এৰি যোৱা ঘৰখনো দুখ আৰু শোকেৰে ভৰি পৰে। আচাৰ্য চাণক্যই কৈছে লক্ষ্মীয়ে এই তিনিটা কু-অভ্যাসৰ বাবে মানুহক এৰি যায়।

অপমান কৰাৰ অভ্যাস

আনক অপমান কৰা মানুহক মা লক্ষ্মীয়ে কেতিয়াও ভাল নাপায়। মাতৃ লক্ষ্মীয়ে অপমানকাৰীক পৰিত্যাগ কৰে। গতিকে কোনো কাৰণতে কাকো অপমান নকৰিব। এই অভ্যাস ত্যাগ নকৰিলে আপোনাৰ জীৱনৰ পৰা মা লক্ষ্মী গুচি যাব।

লোভ

লোভে মানুহক বিপথে পৰিচালিত কৰে। লোভৰ বশৱৰ্তী হৈ মানুহে বহু সিদ্ধান্ত লয় যাৰ ফলত তেওঁৰ পতন ঘটে। লোভী মানুহে কেতিয়াও মা লক্ষ্মীৰ কৃপা লাভ কৰিব নোৱাৰে।

ক্ৰোধ

আমাৰ বহুতৰে অলপতে খং মূৰত উঠে, আৰু বহুতেই খং নকৰে। আপুনি লক্ষ্য কৰিব যে যিসকলে খং নকৰে তেওঁলোকৰ জীৱনত সুখ বহুত বেছি স্থায়ী হয়। চাণক্যৰ মতে মা লক্ষ্মীয়ে কেতিয়াও খঙাল মানুহক ভাল নাপায় আৰু অতি সোনকালেই তেওঁলোকক পৰিত্যাগ কৰে। গতিকে মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ এই তিনিটা বেয়া অভ্যাস অতি সোনকালে ত্যাগ কৰক।

Related News