চাণক্যই মানৱ জীৱনৰ প্ৰতিটো স্তৰৰ বিষয়েই আলোচনা কৰিছে। তেওঁৰ চাণক্য নীতিৰ জৰিয়তে কি কৰা উচিত বা অনুচিত সেয়া কৈ গৈছে। একেদৰে তেওঁ বৈবাহিক সুখ আৰু শান্তি বজাই ৰাখিবলৈ কেইবাটাও উপায় দিছে। শাস্ত্ৰ মতে পতি-পত্নীৰ ইজনে সিজনৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। দুয়োজনে ইজনে সিজনৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য পালন কৰে।
কিন্তু বহু সময়ত দেখা যায় যে পৰিয়াল বা বিবাহিত জীৱনত বহু সমস্যাৰ সৃষ্টি হয়। স্বামীৰ কিছুমান কথাত পত্নীৰ খং উঠে। এনে লাগে যেন এই কথাবোৰ হয়তো নক’লেই ভাল আছিল। আজি চাণক্য নীতি শাস্ত্ৰত উল্লেখ কৰা চাৰিটা কথাৰ বিষয়ে কোৱা হৈছে যিবোৰ পত্নীক কোৱা উচিত নহয়।
এই ৪টা কথা কি? চাওঁ আহক-
১. নিজৰ দুৰ্বলতাৰ কথাঃ চাণক্য নীতি অনুসৰি এজনে কেতিয়াও কাকো নিজৰ দুৰ্বলতাৰ কথা কোৱা উচিত নহয়। কিয়নো আন কোনোৱে সেই দুৰ্বলতাৰ অপপ্ৰয়োগ কৰিব পাৰে। আনকি পত্নীকো নিজৰ দুৰ্বলতাৰ কথা জনাব নালাগে। কিয়? কাৰণ দুৰ্বলতা জানিলে পত্নীয়ে আপোনাৰ বিৰুদ্ধে সেয়া ব্যৱহাৰ কৰিব পাৰে।
২. গোপনে দান কৰাঃ বহুতে দান-ধ্যান পছন্দ কৰে। কিন্তু দান সদায় গোপনে কৰা উচিত। এনে ক্ষেত্ৰত নিজৰ পত্নীকো দানৰ কথা ক’ব নালাগে। কিয়নো ইয়াৰ ফলত আপোনাৰ দানৰ গুৰুত্ব বহু কমি যাব।
৩. নিজৰ লগত ঘটা অপমানৰ বিষয়ে: আপুনি যদি কেতিয়াবা ক’ৰবাত অপমানিত হৈছে, তেন্তে সেইটো পত্নীৰ পৰা গোপনে ৰাখক। কিয়? উত্তৰটো হ’ল পত্নীয়ে আপোনাক হেয়জ্ঞান কৰিব পাৰে বা আপোনাক লৈ উপহাস কৰিব পাৰে।
৪. সমস্ত উপাৰ্জনৰ হিচাপ: চাণক্য নীতি অনুসৰি পত্নীক নিজৰ সকলো উপাৰ্জনৰ বিষয়ে অৱগত কৰিব নালাগে। কাৰণ এই কথা জানিলে পত্নীয়ে নিজৰ ইচ্ছামতে খৰচ কৰিব পাৰে। এনে ক্ষেত্ৰত বহু সময়ত অপ্ৰয়োজনীয় কামত ধন খৰচ হ’ব পাৰে। যিটো পিছত আপুনি ইচ্ছা কৰিলেও বাধা দিব নোৱাৰে।