ডিগবৈত ‘হিন্দুত্ববাদ আৰু অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যত’ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ সফল সামৰণি

lecture

ফটো : নৰ্থ-ইষ্ট নাও

সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত ডিগবৈ মহিলা মহাবিদ্যালয় আৰু সদৌ মৰাণ ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ সহযোগত প্ৰয়াত অচ্যুৎ চুতীয়া সোঁৱৰণি ‘হিন্দুত্ববাদ আৰু অসমীয়া জাতীয়তাবাদৰ ভৱিষ্যত’ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান ডিগবৈ মহিলা মহাবিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হৈ যায়।

পুৱা প্ৰয়াত অচ্যুৎ চুতীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে উক্ত অনুষ্ঠআনৰ শুভাৰম্ভনি হয়। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে। বিশিষ্ট সাহিত্যিক পূণ্য শইকীয়াই উদ্বোধন কৰা বক্তৃতা অনুষ্ঠানত আদৰণি ভাষন আগবঢ়ায় ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰ্মাই।

সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত মূল বক্তা হিচাপে উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত ডীন ড° অপূৰ্ৱ কুমাৰ বৰুৱাই অংশ গ্ৰহণ কৰে।

সন্থাৰ সাধাৰণ সম্পাদক নৱ মৰাণে আঁত ধৰা অনুষ্ঠানত প্ৰয়াত অচ্যুৎ চুতীয়াৰ জীৱন পৰিচয়ৰ আভাষ ডাঙি ধৰে পল্লৱ শৰ্মাই। আনহাতে শেষত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ শিক্ষা সম্পাদক পলিন্দ্ৰ বড়াই।