• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিনা অনুমোদনত নতুনকৈ নিযুক্তি পাইছে এ চি এছ আমোলাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2018 6:55 pm
Rajib-P-Barua-750x375

ৰাজীৱ প্ৰকাশ বৰুৱাক তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে দিয়া নিযুক্তিৰ নিৰ্দেশৰ প্ৰতিলিপি।

361
VIEWS
Share on FacebookShare on Twitter

অসমৰ একাংশ আমোলা ৰাজনৈতিক মালিকসৱৰ ‘খুবেই ঘনিষ্ঠ’ বুলি পৰিচিত হোৱাৰ পৰত অৱসৰ গ্ৰহণৰ দুদিন পূৰ্বে, আৰু তাকো ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনুমোদন নোহোৱাকৈ, এজন এচিএছ বিষয়াই পোৱা নতুন নিযুক্তিয়ে বহুতৰে চকু কপালত তুলিছে। 

তথ্য আৰু জন সংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে ৰাজীৱ প্ৰকাশ বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিক লৈ ২৮ ছেপ্তেম্বৰত এক জাননী (No. IPRD.62/2018/1)  জাৰি কৰিছে বিভাগটোৱে। 

“ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনিৰ্ণীত অনুমোদন আৰু ৰাজহুৱা সেৱাৰ স্বাৰ্থত, শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱাক…, ইয়াৰ দ্বাৰা ০১/১০/২০১৮ৰ পৰা এবছৰলৈ কাৰ্য্যকৰী হোৱাকৈ অসম চৰকাৰৰ অতিৰিক্ত সচিবৰ পদমৰ্য্যাদাৰে তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে চুক্তিভিত্তিত নিযুক্তি দিয়া হৈছে,” জাননীত উল্লেখ। 

অসম প্ৰশাসনিক সেৱাৰ বিষয়া বৰুৱাই কাৰ্য্যকাল শেষ হোৱাত ৩০ ছেপ্তেম্বৰত অৱসৰ লৈছিল। অতিৰিক্ত সচিব হোৱাৰ উপৰি তেওঁ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰূপেও দায়িত্বত আছিল। 

খবৰ অনুসৰি ১ অক্তোবৰৰ দিনৰ ১০ বজাত তেওঁ বিভাগটোৰ বিশেষ বিষয়াৰূপে কৰ্তব্যত যোগ দিছে। যোৱা ১৮ জুলাইত জাৰি কৰা OM No.AAP.98/2017/30 অনুসৰি চুক্তিভিত্তিক এই সময়চোৱাত তেওঁৰ দৰমহা আৰু আন সুবিধা নিৰ্ধাৰিত হ’ব। জাননী আৰু কৰ্মত যোগ দিয়াৰ প্ৰতিবেদন দুয়োটাই অসমৰ মুখ্য গাণনিক {Accountant General (A&E)} লৈ প্ৰেৰণ কৰা হৈছে বুলি চিহ্নিত কৰা হৈছে।

লগতে পঢ়ক- অসমৰ এই আমোলাজনে কিয় ভংগ কৰিছে প্ৰ’ট’কল?

বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিয়ে দুটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে—প্ৰথম, ৰাজীৱ প্ৰকাশ বৰুৱাৰ নিযুক্তি অসম চৰকাৰৰ কৰ্মচাৰী (এ’) বিভাগৰ সচিবে নিদি, তথ্য আৰু জনসংযোগ বিভাগৰ সচিবে দিব লগা হ’ল কিয়? 

দ্বিতীয়তে, ৰাজ্যিক কৰ্তৃত্বশীল সমিতিৰ অনুমোদন নোহোৱাকৈ ৰাজীৱ প্ৰকাশ বৰুৱাৰ চুক্তিভিত্তিক নিযুক্তিৰ জাননী জাৰি কৰাতো তথ্য আৰু জনসংযোগ বিভাগৰ সচিব এচ জেদ হাজৰিকাৰ বাবে ইমান গুৰুত্বপূৰ্ণ আছিল কিয়? 

ৰাজীৱ প্ৰকাশ বৰুৱাৰ সেৱা তথ্য আৰু জনসংযোগ বিভাগৰ বাবে ইমান গুৰুত্বপূৰ্ণ কিয় যে ৰাজ্যিক ক্ষমতাসম্পন্ন সমিতিৰ অনুমোদন নোহোৱাকৈ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে তেওঁক নিযুক্তিৰ জাননী জাৰি কৰিব লগা হ’ল? 

নে, ৰাজীৱ প্ৰকাশ বৰুৱাৰ নিযুক্তি অসমৰ ক্ষমতাৰ কৰিদৰৰ খুব গুৰুত্বপূৰ্ণ কাৰোবাৰ ইচ্ছা অনুসৰি হৈছিল? বৰুৱা অসমৰ মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ ‘ঘনিষ্ঠ’ বুলি জনাজাত। 

গোস্বামী আকৌ ৰাজীৱ প্ৰকাশ বৰুৱাৰ পিতৃ, অসমৰ এগৰাকী বিখ্যাত সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ স্মাৰক ন্যাসৰ সচিব।

Recent News

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd