• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2025 7:33 am
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনৰ ৰাজপথলৈ ওলাই আহিছে লাখ লাখ লোক। ইংলেণ্ডৰ জাতীয় পতাকা, বিভিন্ন শ্লোগান লিখা প্লেকাৰ্ড, হাতত ফেষ্টুন আদি লৈ আছে প্ৰতিবাদকাৰীসকলে। চেণ্ট্ৰেল লণ্ডনৰ ৰাজপথত কেৱল লানি নিছিগা মানুহৰ শাৰী। শনিবাৰে দেখা গ’ল এনে দৃশ্য। শেহতীয়া সময়ত লণ্ডনত ইমানবোৰ মানুহ একেলগে ৰাজপথলৈ ওলাই আহি এনেদৰে প্ৰতিবাদ কৰা দেখা যোৱা নাই।

এই আন্দোলন মূলতঃ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে। ইয়াৰ উপৰিও উগ্ৰ সোঁপন্থী নাগৰিকসকলে ব্ৰিটিছ ৰাজনীতিৰ বৰ্তমানৰ অৱস্থাৰ প্ৰতি হতাশা প্ৰকাশ কৰিবলৈ সমবেত হয়। শেহতীয়াকৈ আমেৰিকাত ট্ৰাম্পৰ ঘনিষ্ঠ নেতা চাৰ্লি কাৰ্কক গুলীয়াই হত্যা কৰা হৈছিল। এই সমাৱেশৰ পৰাও এই ঘটনাৰ প্ৰতিবাদ কৰা হৈছে।

Apply Now

প্ৰব্ৰজন বিৰোধী আৰু ইছলাম বিৰোধী নেতা টমী ৰবিনছনৰ আহ্বানত লাখ লাখ সমৰ্থকে এই প্ৰতিবাদী সমাৱেশত যোগদান কৰে। তেওঁৰ প্ৰকৃত নাম ষ্টিফেন ইয়াক্সলি লেনন। ২০০৯ চনত তেওঁ ইংলিছ ডিফেন্স লীগ নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে।

তেওঁ আদালত অৱমাননাৰ বাবেও জেললৈ যাবলগীয়া হৈছিল। ঘৃণামূলক ভাষণৰ বাবে এক্সকে ধৰি একাধিক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁক নিষিদ্ধ কৰা হৈছিল। ইলন মাস্কে এক্স অধিগ্ৰহণ কৰাৰ পিছত ৰবিনছনে নিজৰ এক্স হেণ্ডেল প্ৰফাইল পুনৰ লাভ কৰে। মাস্কে ৰবিনছনৰ বিভিন্ন বক্তব্যক বাৰে বাৰে সমৰ্থন কৰি আহিছে।

মেট্ৰোপলিটান আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদী সমদলত প্ৰায় ১ লাখ ১০ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ৰেলীত অংশগ্ৰহণ কৰা এজন ব্যক্তিয়ে কয় যে, “আমি আমাৰ দেশখন ঘূৰাই বিচাৰো, আমি বিচাৰো আমাৰ বাক স্বাধীনতা পুনৰ ঘুৰি আহক। তেওঁলোকে এই দেশত অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাটো প্ৰয়োজন। আমি টমীক বিশ্বাস কৰোঁ।” এই সমাৱেশৰ পৰা যাতে কোনো ধৰণৰ অশান্তি বিয়পিব নোৱাৰে তাৰ বাবে মুঠ ১৬০০ আৰক্ষী জোৱান নিয়োগ কৰা হয়।

উল্লেখ্য যে শেহতীয়াকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে ইংলেণ্ডত কঠোৰ অনুপ্ৰৱেশ নীতি ৰূপায়ণৰ বাৰ্তা প্ৰদান কৰিছে। আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত ড’নাল্ড ট্ৰাম্পে কঠোৰ প্ৰব্ৰজন নীতি প্ৰৱৰ্তন কৰে। ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে অবৈধ বাসিন্দাসকলক চিনাক্ত কৰি দেশৰ পৰা বহিষ্কাৰ কৰাৰ বাৰ্তাও প্ৰদান কৰে। কঠোৰ অনুপ্ৰৱেশ নীতিৰ পোষকতা কৰা ৰিফৰ্ম ইউ কেৰ দৰে কঠোৰ সোঁপন্থী দল শেহতীয়াকৈ ইংলেণ্ডত জনপ্ৰিয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd