NORTHEAST NOW (Assamese)

অনশনৰত অৱস্থাতে কাৰাগাৰত মৃত্যু ৰাজতন্ত্ৰৰ বিৰুদ্ধে সৰৱ থাইলেণ্ডৰ মহিলা অধিকাৰ কৰ্মীৰ

May 15, 2024 10:01 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজতন্ত্ৰক সমালোচনা কৰি কাৰাগাৰত বন্দী হৈ থকা থাইলেণ্ডৰ এগৰাকী মহিলা অধিকাৰ কৰ্মীৰ অনশনৰত অৱস্থাতে মৃত্যু ঘটে।

থাইলেণ্ড কৰ্তৃপক্ষই জনোৱা মতে, মঙলবাৰে হঠাতে অনশনকাৰী নেতিপন বুং ছানেছাংখামৰ হৃদযন্ত্ৰৰ ক্ৰয়া বন্ধ হৈ পৰে।

২৮ বছৰীয়া নাৰী অধিকাৰ কৰ্মীগৰাকীয়ে ৰাজতন্ত্ৰৰ সংস্কাৰৰ দাবী জনাই আহিছিল। তেওঁ চলিত বৰ্ষৰ ২৬ জানুৱাৰীৰ পৰা কাৰাবন্দী হৈ আছিল।

তেওঁৰ বিৰুদ্ধে ৭টা অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰে ভিতৰত দুটা আছিল ৰাজতন্ত্ৰক নিন্দা কৰাৰ।

কাৰাগাৰত নিক্ষেপ কৰাৰ পৰাই তেওঁ অনশন কৰি আছে। প্ৰথমতে তেওঁ পানীৰ বাহিৰে একোৱেই খোৱা নাছিল। এপ্ৰিল মাহত তেওঁ কিছু খাদ্য খাইছিল।

আদালত আৰু ৰাজতন্ত্ৰ অৱমাননাৰ অভিযোগত মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যদি প্ৰমাণিত হ’লহেঁতেন তেন্তে প্ৰতিটো অভিযোগৰ বিৰুদ্ধে ১৫ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰিলেহেঁতেন।

Related News