কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

Sharjeel Imam

কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ২০১৯ চনৰ ১৩ ডিচেম্বৰত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচীত উচতনিমূলক ভাষণেৰে হিংসাত্মক কাণ্ডত উচটনি দিয়াৰ অভিযোগত অভিযুক্ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা কৰিছে আদালতে।

দিল্লীৰ সাকেট আদালতে লগতে ছাত্ৰ নেতা আছিফ ইকবাল তানহাকো এই গোচৰত দোষমুক্ত ঘোষণা কৰিছে। অৱশ্যে তানহা জামিন লাভ কৰি কাৰাগাৰৰ বাহিৰলৈ ওলাইছে যদিও কাৰাগাৰতে আৱদ্ধ থাকিব লাগিব শ্বাৰ্জিল ইমাম। ইমামৰ বিৰুদ্ধে আন কেইবাটাও অভিযোগ থকাৰ বাবে কাৰাৰুদ্ধ হৈ থাকিব ইমাম।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদৰ সময়ত ২০১৯ চনৰ ডিচেম্বৰ মাহত জামিয়াৰ শ্বাহীন বাগতো আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল। প্ৰতিবাদস্থলীত প্ৰতিবাদী জনতা আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে শ্বাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰিছিল।

শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে হিংসাত্মক সংঘৰ্ষত উচতনি যোগোৱাৰ লগতে ইয়াৰ সৈতে জড়িত আন কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ১৪৩, ১৪৭, ১৪৮, ১৪৯, ১৮৬, ৩৫৩, ৩৩২, ৩৩৩, ৩০৮, ৪২৭, ৪৩৫, ৩২৩, ৩৪১, ১২০বি আৰু ৩৪কে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছিল ইমামৰ বিৰুদ্ধে।

২০২০ চনত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা হিংসাত্মক কাণ্ডৰ ওপৰত ৰুজু হোৱা জিম্মাত গোচৰত কাৰাবন্দী হৈ আছে শ্বাৰ্জিল ইমাম। ইমাম আৰু তনহাক বিশেষ কোষৰ জিম্মাত ৰখা হৈছে। ২০২০ চনত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ আঁৰত দুয়োগৰাকী ছাত্ৰ নেতাই ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি আৰক্ষীয়ে অভিযোগ কৰিছিল।

পূৰ্বে আছিফ ইকবাল তানহা আৰু শ্বাৰ্জিল ইমাম দুয়োৰে জামিন মঞ্জুৰ কৰা হৈছিল। কিন্তু কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ বাবে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা দাঙ্গা সম্পৰ্কীয় ষড়যন্ত্ৰমূলক গোচৰত শ্বাৰ্জিল কাৰাগাৰত বন্দী হৈ থাকিব।

২০১৯ চনৰ ১৩ ডিচেম্বৰত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় আৰু ২০১৯ চনৰ ১৬ ডিচেম্বৰত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰতিবাদৰ সময়ত ইমামে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বাকী অংশৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি দিয়াৰ অভিযোগ তুলিছিল আৰক্ষীয়ে।