শান্তিপূৰ্ণ পদযাত্ৰা কৰি অহা সোনম ৱাংচুকক দিল্লীত আটক; প্ৰতিবাদত সৰৱ বিৰোধী নেতা ৰাহুল গান্ধী

দিল্লী আৰক্ষীয়ে মাজনিশা সোণম ৱাংচুকক আটক কৰে। এই ঘটনাক লৈ সৰৱ হৈ পৰিছে ক্ষুব্ধ বিৰোধী নেতা ৰাহুল গান্ধী। এই আটকৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষাৰোপ কৰে। ইয়াৰ লগতে লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীৰ স্পষ্ট দাবী যে পৰিৱেশ সুৰক্ষাৰ দাবীত আন্দোলনকাৰীসকলক গ্ৰেপ্তাৰ কৰাটো একেবাৰেই মানি ল’ব নোৱাৰি।

দীৰ্ঘদিন ধৰি সোনম ৱাংচুকে পৰিৱেশ সুৰক্ষা আৰু প্ৰকৃতি বচোৱাৰ প্ৰচাৰ চলাই আহিছে। লগতে একেৰাহে ২১ দিন অনশনতো বহিছিল।

কেন্দ্ৰৰ সন্মুখত নিজৰ দাবী তুলি ধৰিবলৈ সোনমে নতুন কাৰ্যসূচী গ্ৰহণ কৰিছে। স্থানীয় দাবীত মোডী চৰকাৰক লাডাখৰ নেতৃত্বৰ সৈতে আলোচনাত বহিবলৈ দাবী জনাই তেওঁ লেহৰ পৰা দিল্লীলৈ পদযাত্ৰা উলিয়াইছে। এই কাৰ্যসূচীত সোনমৰ সৈতে জ্যেষ্ঠ নাগৰিক আৰু প্ৰাক্তন সেনাকৰ্মীসকলো আছে।

লগতে পঢ়কঃ গুলীবিদ্ধ অভিনেতা গোবিন্দা! গুলী উফৰি লাগিল অভিনেতাৰ দেহত, ভৰ্তি চিকিৎসালয়ত

যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই পদযাত্ৰা। সোমবাৰে দিল্লী সীমান্তত উপস্থিত হয় সোনমৰ নেতৃত্বত সমদলকাৰীসকল। দিল্লী আৰক্ষীয়ে তাতেই মাজনিশা সোনমক আটক কৰে।

নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি এইকথা জনাইছে সোনম ৱাংচুকে। দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৫০ জন পদযাত্ৰীক। পিছত সোনমে গান্ধীজীৰ কথা সোঁৱাৰাই কয়, “শান্তিপূৰ্ণভাৱে বাপুৰ সমাধিস্থললৈ যাত্ৰা কৰাৰ সময়তে আমাক আটক কৰা হ’ল। হে ৰাম, বিশ্বৰ অন্যতম বৃহৎ গণতন্ত্ৰ এয়া কি অৱস্থা! আমাৰ কপালত কি আছে নাজানো।”

জানিব পৰা মতে, পদযাত্ৰীসকলে গোটেই ৰাতি নোখোৱাকৈয়ে আছে। তেওঁলোকে লগতে অনিৰ্দিষ্টকালৰ বাবে অনশনৰ আহ্বানো দিছে।

লগতে পঢ়কঃ ইজৰাইলৰ সেনা প্ৰৱেশ কৰিলে লেবাননত; ছিন্নভিন্ন হৈ পৰিল হিজবুল্লাহ

সোনমক আটক কৰাৰ খবৰ পোহৰলৈ অহাত ক্ষুব্ধ হৈ পৰে বিৰোধী নেতা ৰাহুল গান্ধী। এক্স হেণ্ডলত তেওঁ লিখিছে, ‘শান্তিপূৰ্ণ প্ৰতিবাদৰ পৰা সোনম ৱাংচুক আৰু শতাধিক লাডাখীক গ্ৰেপ্তাৰ কৰাটো একেবাৰেই গ্ৰহণযোগ্য নহয়। লাডাখৰ ভৱিষ্যতৰ বাবে প্ৰতিবাদ কৰা বৃদ্ধসকলক কিয় এনেদৰে আটক কৰা হ’ব?”

প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি ৰাহুলে লগতে কয় যে কৃষক আন্দোলনৰ দৰেই এইবাৰো মোডীজীৰ অহংকাৰ ভংগ হ’ব। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়েও আটকৰ তীব্ৰ প্ৰতিবাদ জনাইছে।