NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক এতিয়ালৈকে লোৱা আটাইতকৈ মুৰ্খতাপূৰ্ণ সিদ্ধান্ত: অভিনেতা আদিল হুছেইন

December 12, 2019 6:28 pm · এন ই নাও নিউজ
তিনিচুকীয়াত কেব বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ।

লোকসভা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছত বুধবাৰে নিশা ৰাজ্যসভাতো গৃহীত কৰা হয়।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কখনকলৈ পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ হৈ উঠিছে। গুৱাহাটীত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদৰ ভয়াবহ পৰিস্থিতিলৈ লক্ষ্য কৰি সান্ধ্য আইন জাৰি কৰা হৈছে।

ৰাজ্যখনৰ ১০খনকৈ জিলাত মোবাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

অসমৰ এই ক্ৰমাৎ অৱনতি হৈ পৰা পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি বলিউদৰ প্ৰখ্যাত অভিনেতা তথা অসম সন্তান আদিল হুছেইনে চিন্তা ব্যক্ত কৰিছে।

অভিনেতাগৰাকীয়ে কৰা টুইট এটা ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

টুইটাৰত আদিল হুছেইনে লিখিছে: ‘’ নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ সিদ্ধান্তটো এতিয়ালৈকে আটাইতকৈ মুৰ্খতাপূৰ্ণ সিদ্ধান্ত আছিল।‘’

তেওঁৰ এই টুইটটোৰ সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নিজৰ টুইটটোত হুছেইনে অসমৰ বৰ্তমান পৰিস্থিতিটোত উদ্বিগ্নতা প্ৰকাশ কৰি লিখিছে: ‘’অসম লাহে লাহে প্ৰায় ১৯৭৯ ৰ অশান্তিকৰ পৰিস্থিতিলৈ উভতি যাব ধৰিছে। এতিয়া আমাৰ নেতৃত্বৰ জ্ঞান অসমীয়া সংস্কৃতিক বুজাত ব্যৰ্থ হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক অনাৰ সিদ্ধান্ত এতিয়ালৈকে সকলোতকৈ মুৰ্খতাপূৰ্ণ সিদ্ধান্ত।‘’

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহাৰ পাছত বৃহস্পতিবাৰেও অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে।

গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ সংঘটিত হয়। কেইবাঠাইত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাও কৰাৰ বাতৰি প্ৰকাশ পাইছে।

Related News