NORTHEAST NOW (Assamese)

কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খোৰাণা : কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ

January 28, 2021 7:51 pm · উত্তম শইকীয়া
Updated: January 29, 2021 12:05 pm

হিন্দী চিনেমা আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা তথা জনপ্ৰিয় গায়ক আয়ুষ্মান খোৰানা এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

বলিউডৰ প্ৰতিষ্ঠিত পৰিচালক অনুভৱ সিংহাৰ এখন থ্ৰীলাৰ ছবিৰ মুল চৰিত্ৰ অভিনয় কৰা আয়ুষ্মান খোৰাণা এতিয়া উক্ত ছবিৰ দৃশ্য গ্ৰহণৰ বাবে আহিছে কাজিৰঙালৈ ৷

কাজিৰঙাৰ আয়’ৰা নামৰ বিলাসী হোটেলত সদল বলে বাহৰ পাতি কাজিৰঙাৰ সমীপৰ কাৰ্বি পাহাৰৰ নামনিৰ বিভিন্ন স্থানত ছবিৰ দৃশ্যগ্ৰহণ কৰিছে অভিনেতাজনে ৷

ছবিখনৰ পৰিচালক অনুভৱ সিংহাৰ লগতে সহ অভিনেতাও আহিছে কাজিৰঙালৈ ৷

বধাই হ’, অন্ধাধুন আৰু বিকি ড’ন’ৰদৰে জনপ্ৰিয় অভিনেতা আয়ুষ্মান খোৰানাই দৃশ্যগ্ৰহনৰ ব্যস্ততাৰ মাজতেই সময় উলিয়াই পৰিচালক অনুভৱ সিংহা আৰু দলৰ অনান্য সদস্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জীপচিৰে দৰ্শন কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আপ্লুত হোৱা অভিনেতা জনে নিজৰ ম’বাইল ফোনেৰে কাজিৰঙাৰ বন্যপ্ৰাণীৰ ফটো লবলৈও চেষ্টা কৰে ৷

কাজিৰঙাত ছবিৰ দৃশ্যগ্ৰহণ সামৰি আয়ুষ্মান খোৰানাৰ দলে ছবিৰ দৃশ্যগ্ৰহণৰ বাবে উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন স্থানলৈ যাব বুলি জানিব পৰা গৈছে ৷

বিশ্ব প্ৰসিদ্ধ ক্ৰিকেটাৰ কেভিড পিটাৰচেনৰ পিচত আয়ুষ্মান খোৰাণাৰ দৰে চেলিব্ৰেটিৰ আগমনত উৎফুল্লিত কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ সৈতে জৰিতসকল ৷

চেলিব্ৰেটিৰ আগমনে কভিড ১৯ সংক্ৰমনৰ শেষত ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ ক্ষেত্ৰলৈ অন্য এক আশা কঢ়িয়াই আনিছে ৷

অকল পৰ্যটনেই নহয় চেলিব্ৰেটিৰ আগমনত উৎফুল্লিত কাজিৰঙালৈ অহা পৰ্যটকো ৷

অভিনেতা অংশুমানক কাষৰ পৰা চাবলৈ আৰু এখন চেলফি লবলৈ হেতাওপৰা লগাইছে কাজিৰঙাৰ পৰ্যটকে ৷

উল্লেখ্য অভিনয়ৰ উপৰিও অংশুমান খোৰানাই তেওঁ নিজে অভিনয় কৰা প্ৰায়বোৰ ছবিৰ গীততে কন্ঠ দান কৰিছে ৷

ইয়াৰ ভিতৰত অংশুমান কন্ঠ দান কৰা ধুম লগাকে হেইচা অন্যতম জনপ্ৰিয় গীত ৷

Related News