NORTHEAST NOW (Assamese)

অভিনেতা ৰাম চৰণে কৰিলে ভুল! মাজনিশা ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহৰ ওচৰত খুজিলে ক্ষমা, কিন্তু কিয়?

May 24, 2026 10:39 am · এন ই নাও নিউজ, গুৱাহাটী

ভোপালত অনুষ্ঠিত হোৱা পেডী বোলছবিৰ গ্ৰেণ্ড মিউজিক লান্স অনুষ্ঠানত অভিনেতা ৰাম চৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এই অনুষ্ঠানত তেওঁৰ সৈতে এ আৰ ৰহমান, জাহ্নৱী কাপুৰ আৰু চলচ্চিত্ৰখনৰ সমগ্ৰ দলটো উপস্থিত আছিল। এক কথা-বতৰাৰ সময়ত অভিনেতাগৰাকীক ভাৰতীয় ক্ৰিকেটাৰসকলৰ বিষয়ে কেইটামান শব্দত কবলৈ কোৱা হৈছিল। তাত তেঁও শচীন টেণ্ডুলকাৰক এগৰাকী মহান খেলুৱৈ, এম এছ ধোনীক শান্ত আৰু কুল, ৰোহিত শৰ্মাক সকলোৰে আপোন মানুহ আৰু বিৰাট কোহলিক জুই বুলি বৰ্ণনা কৰে। কিন্তু জচপ্ৰীত বুমৰাহৰ নাম লওঁতেই তেওঁৰ পৰা এটা ডাঙৰ ভুল হৈ যায়, যাৰ বাবে তেওঁ ছচিয়েল মিডিয়াত ক্ষমা খুজিবলগীয়া হয়।

জচপ্ৰীত বুমৰাহৰ বিষয়ে কওঁতে ৰাম চৰণে কয় যে তেওঁ বুমৰাহৰ আটাইতকৈ ডাঙৰ অনুৰাগী, কিন্তু তেওঁৰ প্ৰশংসা কৰোঁতে তেওঁ ভুলবশতঃ ক্ৰিকেটক ফুটবল বুলি ভাবি পেলায়। এই চুটি ভিডিঅটো ইণ্টাৰনেটত অতি সোনকালে ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে অভিনেতাজনে মাজনিশা নিজৰ এক্স একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি বুমৰাহৰ ওচৰত ক্ষমা বিচাৰে। তেওঁ পোষ্টটোত লিখে যে তেওঁ কেতিয়াবা আচলতে নামবোৰ পাহৰি যায়। অতি উৎসাহ আৰু ভিৰৰ মাজত এয়া এক মানৱীয় ভুল আছিল। তেওঁ বুমৰাহক বহুত সন্মান কৰে আৰু খেলুৱৈগৰাকীৰ প্ৰদৰ্শনৰ বাবে ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰে বুলিও লগতে উল্লেখ কৰে।

আনহাতে জচপ্ৰীত বুমৰাহে বৰ্তমান আইপিএল ২০২৬ ত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছে। এই বৰ্ষৰ আইপিএল খেলসমূহ তেওঁৰ বাবে বৰ সহজ হোৱা নাই। তেওঁ ১৩ খন খেলত কেৱল ৪ টা উইকেট লবলৈহে সক্ষম হৈছে, কিয়নো বিৰোধী দলসমূহে তেওঁৰ বিৰুদ্ধে অতি সাৱধানে খেলিছে। মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়ৱৰ্ধনে জনোৱা মতে, টি-২০ বিশ্বকাপৰ পিছৰে পৰা বুমৰাহ কিছু আঘাতৰ সমস্যাত ভুগি আছিল। সেইবাবে আইপিএল আৰম্ভ হোৱাৰ পূৰ্বে দলটোৱে তেওঁক অতিৰিক্ত জিৰণি দিছিল।

প্ৰশিক্ষকগৰাকীয়ে কয় যে বুমৰাহে সমগ্ৰ প্ৰতিযোগিতাখনত নিজৰ ফিটনেছ, নো-বল আৰু কৰ্মভাৰ ব্যৱস্থাপনাৰ ওপৰত কঠোৰ পৰিশ্ৰম কৰিছে। এই কঠিন সময়ৰ পিছতো জয়ৱৰ্ধনে বিশ্বাস কৰে যে বুমৰাহ এতিয়া পুনৰ নিজৰ শ্ৰেষ্ঠ ৰূপলৈ ঘূৰি আহিছে। বিগত কেইখনমান খেলত এই ফাষ্ট বলাৰগৰাকীয়ে নিজৰ গতি, য়ৰ্কাৰ আৰু আত্মবিশ্বাস ঘূৰাই পাইছে বুলি প্ৰশিক্ষকগৰাকীয়ে প্ৰকাশ কৰে।

Related News