• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনপ্ৰিয় অভিনেতা সতীশ কৌশিক আৰু নাই –

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2023 9:00 am
180
VIEWS
Share on FacebookShare on Twitter

ওৰেটো জীৱন চিনেমা আৰু নাটকত অভিনয় কৰি দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা সতীশ কৌশিক আৰু নাই। বৃহস্পতিবাৰে পুৱা বলীউডৰ বলিষ্ঠ অভিনেতা তথা পৰিচালক সতীশ কৌশিকে ৬৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ জীৱন নাটৰ পৰা মেলানি মাগে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীয়ে তেওঁ পত্নী আৰু কন্যাক এৰি থৈ যায়।

আজি পুৱা এই খবৰটো তেওঁৰ বন্ধু তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা অনুপম খেৰে এক টুইটযোগে জনাইছে।।

খেৰে নিজৰ আৰু কৌশিকৰ এখন ছবি শ্বেয়াৰ কৰি টুইটযোগে কয়, “মই জানো ‘মৃত্যু এই পৃথিৱীৰ চূড়ান্ত সত্য!’ কিন্তু মই সপোনতো ভবা নাছিলো যে মই জীয়াই থকাৰ সময়ত মোৰ প্ৰিয় বন্ধু সতীশ কৌশিকৰ মৃত্যুৰ কথা লিখিম ।”

লগতে বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটেও টুইটাৰত প্ৰবীণ অভিনেতা–পৰিচালকগৰাকীক শেষ শ্ৰদ্ধা জনায়।

ৰানাৱটে লিখিছে, “এজন অতি সফল অভিনেতা আৰু পৰিচালক সতীশ কৌশিকজী ব্যক্তিগতভাৱেও আছিল এজন অতি দয়ালু আৰু প্ৰকৃত মানুহ।” চলিত বৰ্ষৰ অক্টোবৰ মাহত মুক্তি পাবলগীয়া এখন ছবিত ৰানাৱত আৰু কৌশিকে একেলগে অভিনয় কৰিছে।

সতীশ কৌশিকে ১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাত জন্মগ্ৰহণ কৰিছিল । বলীউডত ভৰি দিয়াৰ আগতে কৌশিক আছিল নাট্যশিল্পী। মিষ্টাৰ ইণ্ডিয়া (১৯৮৭), জানে ভি ডো ইয়াৰন (১৯৮৩), সাজন চালে ছাছুৰাল (১৯৯৬), বাদে মিয়ান ছোটে মিয়ান (১৯৯৮), উদতা পঞ্জাব (২০১৬), আৰু ছুৰমা (২০১৮) আদি ছবিত অভিনয়ৰ বাবে তেওঁ খ্যাতি অৰ্জন কৰিছিল।

২০২২ চনত আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পোৱা ঋষি কাপুৰৰ শেষৰখন ছবি ‘শৰ্মাজী নামকীন’তো তেওঁক দেখা গৈছিল। ১৯৯০ চনত ৰাম লক্ষণৰ বাবে আৰু ১৯৯৭ চনত ‘সাজন চালে ছাছুৰাল‘ৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ কমেডিয়ান বঁটাও লাভ কৰিছিল সতীশ কৌশিকে।

এতিয়া এইদৰে হঠাৎ অভিনেতা জনৰ মৃত্যুৱে বলিউডত এক শূন্যতাৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd