NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ অভিনেতা বিকি কৌশলৰ ১ কোটি টকাৰ সাহায্য

March 31, 2020 7:32 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰীৰ সৈতে অভিনেতা বিকি কৌশল

উৰি, মাচান, জুবান, ৰমন ৰাঘৱ, ৰাজি আদি জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰা বলিউদৰ জনপ্ৰিয় অভিনেতা বিকি কৌশলে প্ৰধান মন্ত্ৰী সাহায্য পুঁজি আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ এক কোটি টকাৰ সাহায্য আগবঢ়াইছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সমগ্ৰ দেশে একগোট হৈ যুঁজাৰ বাবেই বিকিয়ে এই সাহায্য আগবঢ়াই বুলি কয়।

‘‘ এই সময়ত আমি সকলোৱে একেলগে আছো আৰু আমি একেলগে বিজয়ী হ’ম,’’ বিকিয়ে লিখে।

বলিউদৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটেও প্ৰধান মন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াই চিকিৎসা আৰু দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই থকা লোক সকলক ধন্যবাদ জ্ঞাপন কৰি জনসাধাৰণক ঘৰৰ ভিতৰত থাকি সুস্থ হৈ থাকিবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে, অভিনেতা অক্ষয় কুমাৰকে ধৰি বহু কেইগৰাকী বলিউদৰ শিল্লী কলা-কুশলীয়ে ক’ৰ’নাৰ বিৰুদ্ধে যঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে।

Related News