গুৱাহাটীত ছুইজাৰলেণ্ডৰ দৰে বৰফৰ আনন্দ; নিশিতা গোস্বামীয়ে মুকলি কৰিলে ৰাজ্যৰ প্ৰথমখন বৰফৰ আৰ্হিৰ উদ্যান

frozen Park

গুৱাহাটীত বৰফৰ উদ্যান

বৰফৰ আনন্দ ল’ব বিচৰা দৰ্শনাৰ্থী সকলৰ বাবে গুৱাহাটীত উত্তৰ-পূবৰ প্রথমখন বৰফৰ আৰ্হিৰ উদ্যান মুকলি কৰা হয়।

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে দেওবাৰে ‘ফ্ৰোজেন প্লেনেট’ নামৰ বৰফৰ উদ্যানখন মুকলি কৰে।

গুৱহাটীৰ লখৰাত অৱস্থিত ৪৩,০০০ বৰ্গ ফুট আকাৰৰৰ বিশাল উদ্যানখনত দৰ্শনাৰ্থীসকলে প্ৰায় শূন্য ডিগ্ৰী উষ্ণতা আৰু বৰফ পৰি থকাৰ আনন্দ লব পাৰিব বুলি জানিব পৰা গৈছে।

গুৱাহাটীত স্থাপন হোৱা উদ্যানখনত দৰ্শনাৰ্থীসকলে বৰফৰ আনন্দ লাভ কৰাৰ লগতে বৰফৰ ঘৰ(ইগলো), পেংগুইনকে ধৰি বৰফৰ মাজৰ জীৱন শৈলীক চাব পাৰিব।

উদ্যান মুকলি অনুষ্ঠানত উপস্থিত থাকি স্বত্তাধিকাৰী সঞ্জীৱ ডেকাই সংবাদ মাধ্যমৰ আগত এতিয়াৰ পৰে গুৱাহাটী তথা অসমৰ জনসাধাৰণে অসমতে কাশ্মীৰ, ছুইজাৰলেণ্ডৰ দৰে বৰফৰ আনন্দ উপভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে।

ডেকাই উদ্যানখনৰ ভিতৰভাগৰ উষ্ণতা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰে পাজৰে থাকিব বুলি উল্লেখ কৰাৰ লগতে উদ্যানখন দৰ্শন কৰিব অহা লোকসকলে গুৱাহাটীৰ গৰম পৰিবেশতো কিছুসময়ৰ বাবে সঁচা বৰফৰ অনুভৱ লবলৈ সক্ষম হ’ব বুলি মত ব্যক্ত কৰে।