NORTHEAST NOW (Assamese)

নিয়ম ভঙাৰ পৰিণাম: মুম্বাইত গ্ৰেপ্তাৰ হ’ল অভিনেত্ৰী পুনম পাণ্ডে

May 11, 2020 8:27 am · এন ই নাও নিউজ
মডেল, অভিনেত্ৰী পুনম পাণ্ডে।

কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ শংকিত দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। মুম্বাই মহানগৰীকে ধৰি মহাৰাষ্ট্ৰত পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে।

ইয়াৰ মাজতে আইন অমান্য কৰি দেওবাৰে মুম্বাইত গাড়ী লৈ বাহিৰলৈ ফুৰিবলৈ ওলাই আহে মডেল তথা অভিনেত্ৰী পুনম পাণ্ডে।

লকডাউন ভংগৰ অভিযোগত পুনমক লগে লগে গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে।

বাতৰি অনুসৰি, লকডাউন ভাঙি অভিনেত্ৰী পুনমে নিজৰ বিলাসী গাড়ীৰে মেৰিন ড্ৰাইভলৈ যায়।

মুম্বাই আৰক্ষীয়ে তেওঁৰ গাড়ী ৰখাই প্ৰথমতে লকডাউন ভংগৰ অভিযোগ আনে আৰু পাছত পুনমক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ গাড়ীখনো জব্দ কৰে।

উল্লেখ্য যোৱা ফেব্ৰুৱাৰিত মুম্বাইৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, প্ৰযোজক তথা অভিনেত্ৰী শিল্পা ছেট্টীৰ পতি ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে পুনমে আৰম্ভ কৰা আইনী যুঁজৰ খৱৰ ওলাইছিল।

অভিনেত্ৰী পুনম পাণ্ডেই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুম্বাই উচ্চ ন্যায়ালয়ত গোচৰ তৰি বাতৰিৰ শিৰোণামালৈ আহিছিল।

মহাৰাষ্ট্ৰত কৰ’না আক্ৰান্তৰ সংখ্যা ইতিমধ্যে ২২,২৭১ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত ৭৭৯জন লোকৰ কৰ’নাৰ ফলত মৃত্যু হৈছে।

আনহাতে, দেওবাৰে ৰাজ্যখনত নতুনকৈ ১২৭৮জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

Related News