• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বেয়াৰ বজাৰত বৃহৎ পতন; আদানীৰ ৬৬ হাজাৰ কোটি, আম্বানীৰ ৩০ হাজাৰ কোটিৰ লোকচান!

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
March 14, 2024 9:09 am
11.1k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰৰ দিনটো আছিল ষ্টক মাৰ্কেটত বছৰৰ আটাইতকৈ বেয়া দিন। মাত্ৰ ৬ ঘণ্টাত বিপুল পতনৰ ফলত বিনিয়োগকাৰীসকলৰ ১৩ লাখ কোটি টকাৰ লোকচান ঘটিল। বিশেষকৈ বুধবাৰৰৰ ষ্টক ইনডেক্স পতনৰ সময়ত ডাঙৰ ডাঙৰ কোম্পানীবোৰ তাচপাতৰ ঘৰৰ দৰে খহি পৰে।

এপিনে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে প্ৰায় ৬০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ ৩০ হাজাৰ কোটি টকা পানীত পৰিছে।

লগতে পঢ়কঃ কুকুৰৰ পৰা সাৱধান! ভাৰতত নিষিদ্ধ হ’ল পিটবুলকে ধৰি হিংস্ৰ কুকুৰ বিক্ৰী; আপোনাৰো আছে নেকি?

দিনটোত বম্বে ষ্টক এক্সচেঞ্জৰ শ্বেয়াৰ সূচকাংক ১০৪৬ পইণ্ট হ্ৰাস পায়। নিফটি ৩৮৮ পইণ্ট হ্ৰাস পায়। বজাৰ বন্ধ হোৱাৰ একেবাৰে শেষ মুহূৰ্তত শ্বেয়াৰ বজাৰত সামান্য উত্থান ঘটিলেও সেয়া পতনৰ তুলনাত একোৱে নহয়।

ভূমিকম্পৰ দৰে শ্বেয়াৰ বজাৰৰ পতনৰ বাবে বহু কোম্পানীৰ শ্বেয়াৰৰ মূল্য তললৈ নামি যায়। বিশেষকৈ গাড়ী নিৰ্মাতা কোম্পানীৰ পৰা বেংকিং খণ্ডৰ শ্বেয়াৰ বিশেষভাৱে হ্ৰাস পাইছে।

বিশ্বৰ ধনী ব্যক্তিৰ ভিতৰত অন্যতম গৌতম আদানী আৰু মুকেশ আম্বানীয়ে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। আদানীৰ তালিকাভুক্ত সকলো শ্বেয়াৰ তললৈ নামি গৈছে। আদানী গ্ৰীণ এনাৰ্জীৰ শ্বেয়াৰ ১৩ শতাংশ হ্ৰাস পাইছে। আন শ্বেয়াৰ ৫-৮ শতাংশ হ্ৰাস পাইছে।

লগতে পঢ়কঃ বিজেপিৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশঃ তালিকাত গাডকাৰীসহ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী

ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ ইনডেক্স অনুসৰি আদানী গ্ৰুপৰ লোকচান হৈছে ৬৬ হাজাৰ কোটি টকা। তদুপৰি, বুধবাৰে শ্বেয়াৰ বজাৰত মুকেশ আম্বানীৰ লোকচান হয় ৩০ হাজাৰ কোটি টকা। 

Recent News

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd