• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 1:22 pm
Adani
127
VIEWS
Share on FacebookShare on Twitter

ধনকুবেৰ আদানীৰ বিত্তীয় জালিয়াতিৰ অভিযোগে সম্প্ৰতি দেশৰ লগতে তোলপাৰ বিশ্বতো। আমেৰিকাৰ শ্বৰ্ট চেলাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপন কৰা জালিয়াতিৰ অভিযোগৰ পাছতে এসময়ত সংকটত পৰিছে আদানী, হোৰহোৰাই কমিছে আদানী গোটৰ শ্বেয়াৰ। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে এসময়ৰ বিশ্বৰ ভিতৰতে দ্বিতীয় ধনৱন্ত ৰূপে পৰিগণিত হোৱা আদানীক এতিয়া শীৰ্ষ দহৰ পৰা বাহিৰ কৰি দিছে।

অৱশ্যে আদানীৰ এই ব্যক্তিগত সংকটৰ ফলত দেশলৈ নামি আহিব পৰা সংকটৰ আশংকাই অধিক ভীতিগ্ৰস্ত কৰি তুলিছে দেশবাসীক। আদানীৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ অভিযোগক লৈ আজি উত্তাল হৈ পৰে সংসদ। আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দাবী জনাই আজি সংসদত সোচ্চাৰ হৈ পৰে বিৰোধী ৰাজনৈতিক দলসমূহ।

বিৰোধীয়ে আদানীৰ এই জালিয়াতিয়ে কোটি কোটি ভাৰতীয়ৰ কষ্টোপাৰ্জিত ধনৰ সুৰক্ষাক বিপদত পেলাইছে বুলি অভিযোগ কৰি আদানী গ্ৰুপৰ সংকটৰ সন্দৰ্ভত যৌথ সংসদীয় সমিতি বা উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ দাবী জনাইছে।

আজি পুৱা কেইবাটাও বিৰোধী দলৰ নেতাই ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ চেম্বাৰত এক বৈঠকত মিলিত হয়। তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টি, সমাজবাদী পাৰ্টি, ডি এম কে, জনতা দল-ইউনাইটেড, বাওঁপন্থী দলসমূহকে ধৰি ১৩টা দলৰ নেতা বৈঠকত উপস্থিত থাকে।

সংসদত আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আলোচনাৰ বাবে ৯ টা দলে জাননী দাখিল কৰিছে। ৰাজ্যসভাত এই প্ৰস্তাৱ আগবঢ়ায় কংগ্ৰেছৰ মুৰব্বী খৰ্গে, আপ নেতা সঞ্জয় সিং আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ সাংসদ কে কেশৱ ৰাৱে। লোকসভাৰ কংগ্ৰেছৰ হুইপ মণিকম ঠাকুৰে নিম্ন সদনত একেধৰণৰ স্থগিতাদেশৰ প্ৰস্তাৱ দাখিল কৰে।

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই এই বিষয়ত বিৰোধী শক্তিক নেতৃত্ব দি এল আই চি, ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে বজাৰ মূল্য হেৰুৱা কোম্পানীসমূহত বিনিয়োগৰ বিষয়টো আলোচনাৰ বাবে ২৬৭ নং নিয়মৰ অধীনত প্ৰস্তাৱ আগবঢ়ায়। খৰ্গেই কয়, “আমি বিষয়টোৰ ওপৰত আলোচনা বিচাৰিছিলো। আমাৰ জাননী নাকচ কৰা হয়।”

বিৰোধীয়ে যেতিয়া গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে, তেতিয়া আলোচনাৰ বাবে সময় দিয়া নহয় বুলিও খৰ্গেই অভিযোগ উত্থাপন কৰে। তেওঁ লগতে যৌথ সংসদীয় সমিতি বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্বাৱধানত থকা এটা দলে এই বিষয়ে তদন্ত কৰিব লাগে বুলিও দাবী জনায়।

ইফালে, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক লৈ বিৰোধীৰ আলোচনাৰ দাবীৰ মাজতে আজি দুপৰীয়া ২ বজালৈ সংসদৰ দুয়ো সদন স্থগিত ৰখা হৈছে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd