NORTHEAST NOW (Assamese)

বজাৰ মুকলিৰ সময়তে আদানিৰ শ্বেয়াৰৰ পতন; ২০ শতাংশলৈকে হ্ৰাস পালে কিছুমান ষ্টকৰ মূল্য

November 21, 2024 12:34 pm · এন ই নাও নিউজ, গুৱাহাটী

আদানিৰ বিৰুদ্ধে উৎকোচ গোচৰৰ খবৰ পোহৰলৈ অহাৰ পিছতে আজি ভাৰতীয় শ্বেয়াৰ বজাৰত আদানিৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পায়। আজি আদানি পাৱাৰৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৮৫.৪০ টকা বা ১৬.৪৭ শতাংশ হ্ৰাস পাইছে। ফলত আদানি পাৱাৰৰ শ্বেয়াৰৰ মূল্য ৪৩৭.৭০ টকালৈ কমিছে।

ইফালে, আজি আদানি পোৰ্ট এণ্ড স্পেচিয়েল ইকনমিক জ’ন লিমিটেডৰ শ্বেয়াৰৰ মূল্য ১৯৩.৪৫ টকা বা ১৫ শতাংশ হ্ৰাস পায়। ইয়াৰ বাবেই আদানি পোৰ্টৰ শ্বেয়াৰৰ মূল্য ১০৯৬.২০ টকালৈ কমিছে। সেইদৰে, আদানি এণ্টাৰপ্ৰাইজ লিমিটেডৰ শ্বেয়াৰৰ মূল্য ৫৬৪.৩৫ টকা বা ২০ শতাংশ হ্ৰাস পায়। ইয়াৰ বাবে আদানি এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰৰ মূল্য ২২৫৭.১৫ টকালৈ কমিছে।

আজি বজাৰ মুকলিৰ সময়ত আদানি এনাৰ্জি ছলিউচনৰ শ্বেয়াৰৰ মূল্য ২০ শতাংশ বা ১৭৪.৩০ টকা হ্ৰাস পায়। ইয়াৰ বাবে এই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৬৯৭.২৫ টকালৈ নামিছে। ইয়াৰ উপৰিও আজি আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ শ্বেয়াৰৰ মূল্য প্ৰায় ১৯ শতাংশ বা ২৬৪ টকা হ্ৰাস পাইছে। ফলত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ১১৪৬.৮০ টকালৈ কমিছে।

ইফালে এছিয়াৰ বিভিন্ন বজাৰত আদানিৰ ডলাৰ বণ্ডৰ মূল্য হ্ৰাস পাইছে। ২০২৭ চনৰ আগষ্ট মাহত মেচিউৰ হোৱা আদানি পোৰ্ট এণ্ড স্পেচিয়েল ইকনমিক জ’ন লিমিটেডৰ বণ্ড ডলাৰৰ বিপৰীতে পাঁচ চেণ্টতকৈ অধিক হ্ৰাস পাইছে। সেইদৰে, ২০৩০ চনৰ ফেব্ৰুৱাৰী মাহত মেচিউৰ হোৱা আদানি ইলেক্ট্ৰিচিটি মুম্বাইৰ বণ্ড প্ৰায় ৮ চেণ্ট হ্ৰাস পাইছে।

আনহাতে, আদানি ট্ৰেন্সমিছনৰ বণ্ডৰ মূল্য পাঁচ চেণ্টতকৈ অধিক হ্ৰাস পাই ৮০ চেণ্ট হৈছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। ২০২৩ চনত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ পিছত হোৱা জোকাৰণিৰ পিছত এইবাৰেই আদানিৰ বণ্ডৰ মূল্য ইমান হ্ৰাস পাইছে। ইফালে আদানিয়ে ৬০ কোটি ডলাৰৰ বণ্ড বজাৰলৈ অনাৰ কথা আছিল। আদানিয়ে এতিয়া আৰু সেই বণ্ড নানে।

Related News