NORTHEAST NOW (Assamese)

আদানীৰ হাততেই থাকিব মুম্বাইৰ ধাৰাৱী! পুনৰ নিৰ্মাণৰ প্ৰকল্প স্থগিত ৰখাৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

March 7, 2025 6:04 pm · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাইৰ ধাৰাৱী বস্তি পুনৰ উন্নয়ন প্ৰকল্পৰ দায়িত্ব হেৰুৱাব পৰা নাই আদানী গ্ৰুপে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিছে। সংযুক্ত আৰব আমিৰশ্বাহীৰ কোম্পানী চেক্লিংক টেকনলজিছ কৰ্পৰেশ্যনে অনিয়মৰ অভিযোগ উত্থাপন কৰি প্ৰকল্পটোৰ বঁটা স্থগিত ৰখাৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে।

২০২২ চনত বিজেপি-সিন্দেসেনা মিত্ৰজোঁটৰ চৰকাৰে ধাৰাৱী বস্তি পুনৰ উন্নয়ন প্ৰকল্পৰ পুৰণি চুক্তি বাতিল কৰিছিল। গৌতম আদানীৰ কোম্পানী আদানী প্ৰপাৰ্টিজে ৫০.৭০ কোটি টকাৰ নতুন নিবিদাৰে এই চুক্তি লাভ কৰে। ইয়াৰ লগে লগে ২০১৮ চনৰ চুক্তি বাতিল হোৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়। ডুবাইৰ কোম্পানী চেক্লিংক টেকনলজিছ কৰ্পৰেশ্যনক এই চুক্তি প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে তেওঁলোকে বোম্বাই উচ্চ ন্যায়ালয়ত স্থগিতাদেশৰ আবেদন দাখিল কৰিছিল যদিও বিফল হৈছিল। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কয় যে এই প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কিছু ৰেলৱেৰ লোক থকাৰ ব্যৱস্থাও ভাঙি পেলোৱা হৈছে। গতিকে ষ্টে অৰ্ডাৰ সম্ভৱ নহয়।

তেতিয়াৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ চৰকাৰে ২০২২ চনত এই চুক্তি বাতিল কৰি পুনৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰে। সেই সময়ত বিৰোধীয়ে অভিযোগ কৰিছিল যে আদানীৰ স্বাৰ্থত নিবিদা বাতিল কৰি যোগ্যতাৰ মাপকাঠী সলনি কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানীয়ে ধাৰাৱী প্ৰকল্পৰ অধিগ্ৰহণক “ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত দখল”ৰ সৈতে তুলনা কৰে। মহাৰাষ্ট্ৰত বিৰোধী মিত্ৰজোঁট পুনৰ ক্ষমতালৈ আহিলে আদানীৰ পৰা ধাৱী প্ৰকল্প কাঢ়ি লোৱা হব বুলি প্ৰতিশ্ৰুতি দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ নেতা উদ্ধৱ থাকৰে

যদিও মহাৰাষ্ট্ৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অনিয়মৰ অভিযোগ অস্বীকাৰ কৰে, তথাপিও কৰনা মহামাৰীৰ পাছত অৰ্থনৈতিক পৰিস্থিতি সলনি কৰিবলৈ এই সিদ্ধান্ত লোৱা বুলি দাবী কৰে। সুবিধা লাভ কৰাৰ অভিযোগ অস্বীকাৰ কৰি আদানীয়ে দাবী কৰে যে কামটো সম্পূৰ্ণ হলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ই এক আৰ্হি বস্তি পুনৰ উন্নয়ন প্ৰকল্পত পৰিণত হব। প্ৰস্তাৱিত প্ৰকল্প অনুসৰি তেওঁলোকে প্ৰায় ৬২০ একৰ মাটি পুনৰ উন্নয়ন কৰিব। সাত লাখ বাসিন্দাক পুনৰ সংস্থাপন কৰা হব। যদিও ধাৰাৱীত ১০ লাখ লোক আছে, তথাপিও ২০০০ চনৰ ১ জানুৱাৰীৰ আগত যিসকলৰ বাসস্থানৰ প্ৰমাণ আছে তেওঁলোকৰহে ইয়াত পুনৰ্বাসনৰ যোগ্যতা আছে।

Related News