বিশ্ব আদিবাসী দিৱসৰ দিনাখন চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আদিবাসী ছাত্ৰ সন্থা

আজি বিশ্ব আদিবাসী দিৱস উপলক্ষ্যে ৰাজপথত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে আদিবাসী ছাত্ৰ সন্থা।

জনজাতিকৰণৰ লগতে ৩৫০ টকা মজুৰি বৃদ্ধি আদিকে ধৰি বহু সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে আদিবাসী জনসাধাৰণক প্ৰতাৰণা কৰি অহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সম্পুৰ্ণ সামাজিক দূৰত্ব মানি চলি আদিবাসী ছাত্ৰ সন্থাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰে।

চৰকাৰে যদিহে আদিবাসী সকলক এছ টি মৰ্যদা দিয়ে তেন্তে নিৰ্বাচনত বিজেপিক ভোট দিয়া হ’ব অন্যথা বিজেপিৰ বাগানত প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলিও হুংকাৰ দিয়ে।

জনজাতিকৰণ তথা আদিবাসী সকলৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধান নকৰিলে বিজেপিৰ জনপ্ৰতিনিধি সকলে প্ৰত্যাহ্বানৰ সন্মুখিন হ’ব লাগিব বুলিও ছাত্ৰ সংগঠনটোৱে কয়।

দিৰিং ২ নং লাইন চাহ বাগিচাত অনুষ্ঠিত হোৱা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বৰপথাৰ আঞ্চলিক সমিতি, মহালক্ষ্মী প্ৰাথমিক গোট,  ধুলি প্ৰাথমিক গোট, বিজয়পুৰ প্ৰাথমিক গোটৰ সহযোগত বিশ্ব আদিবাসী দিৱস উদযাপনৰ লগত সংগতি ৰাখি অসমৰ আদিবাসী সকলক জনজাতিকৰণ কৰা, মাটি পট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত সাংস্কৃতিক মানৱ শৃংখল কাৰ্যসূচী মাজেৰে গৰজি উঠে এইসকল প্ৰতিবাদকাৰীয়ে।

এই কাৰ্যসূচিত উপস্থিত থাকে আদিবাসী আইকন লক্ষ্মী ওৰাং সহ ‘আছা’ৰ বিশ্বনাথ জিলাৰ বিষয়ববীয়া সকল।