বিজেপি বিধায়ক ভাস্কৰ শৰ্মা মূৰ্দাবাদ ধ্বনিৰে মাৰ্ঘেৰিটাত আদিবাসী ছাত্ৰ সন্থাৰ পথ অবৰোধ

মাৰ্ঘেৰিটাত বসবাস কৰা আদিবাসী সকলক উন্নয়নৰ নামত চূড়ান্তভাবে প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলি আদিবাসী ছাত্ৰ সন্থাই আজি এঘণ্টীয়া পথ অবৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকলে।

উল্লেখ যোগ্য যে, মাৰ্ঘেৰিটাৰ  কুমাৰপট্টী গাঁও পঞ্চায়ত ৮ নং ৱাৰ্ডৰ নামদাং চাহ বাগিচাৰ ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ  নামদাং -নামটক পথছোৱা নিৰ্মাণৰ দাবীত আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত  আৰু নামদাং পিলখানা ৰাইজৰ সহযোগত ১ ঘণ্টা পথ অৱৰোধ কাৰ্য্যসূচী লোৱা হয়।

বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বিধায়ক ভাস্কৰ শৰ্মাই পথছোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও পাঁচবছৰ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত পথছোৱা নিৰ্মাণ হৈ নুঠিল।

ভঙা-ছিঙা পথৰ বাবে নামদাং চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী, গৰ্ভৱতী মহিলা সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে।

প্ৰতিবাদস্থলীৰ পৰা আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতিয়ে স্থানীয় বিধায়কক সকীয়নি প্ৰদান কৰি আগন্তুক বিধান সভা নিৰ্বাচনৰ আগে আগে পথছোৱা নিৰ্মাণ নকৰিলে বিজেপিৰ লগতে যিকোনো ৰাজনৈতিক দলক নিৰ্বাচনী প্ৰচাৰৰ বাবে বাধা প্ৰদান কৰিব বুলি হুংকাৰ দিয়ে।