‘অ’এফ এফ’ত প্ৰদৰ্শিত হ’ব আদিল হুছেইন অভিনীত অসমীয়া চুটি ছবি ‘মিল’

Meal

'মিল'ত অভিনয় কৰিছে আদিল হুছেইনে। ফটো: টাইমছ অৱ ইণ্ডিয়াৰ সৌজন্যত

অসমৰ প্ৰসিদ্ধ অভিনেতা আদিল হুছেইন অভিনীত অসমীয়া চুটি চলচ্চিত্ৰ ‘মিল’ ডেনমাৰ্কৰ সন্মানীয় অস্কাৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী ৪৪ সংখ্যক অ’ডেনছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল(অ’ এফ এফ)ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

উক্ত চলচ্চিত্ৰ মহোৎসৱখনত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হোৱা ‘মিল’ হৈছে একমাত্ৰ ভাৰতীয় চুটি চলচ্চিত্ৰ।  মূল প্ৰতিযোগিতা শাখাত প্ৰদৰ্শনৰ বাবে ছবিখন নিৰ্বাচিত হৈছে।

অভিৰূপ বসুৱে চিত্ৰনাট্য লিখা তথা পৰিচালনা কৰা ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, ৰত্নাবালী ভট্টাচাৰ্য আৰু অৰুণ মুখোপাধ্যায়ৰ লগতে অন্যান্য শিল্পীয়ে। ছবিখনত এটা বৈকালিক পৰিয়ালে কেনেকৈ তেওঁলোকৰ জীৱনযাত্ৰাৰ হুলস্থুলীয়া পৰিৱেশৰ মাজত একেলগে বহি ৰীতিগতভাৱে ৰাতিপুৱাৰ জলপান (মিল) গ্ৰহণ কৰে তাৰ চিত্ৰায়ন কৰা হৈছে।

শীৰ্ষ কেডিয়ালা, মধু সিংঘী আৰু সুশীলা জৈনে প্ৰযোজনা কৰা ছবিখনত আদিল হুছেইনে পুৰুষ নায়কৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

অ’ডেনছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০১৯’ অহা ২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ’ব। অ’ডেনছ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ডেনমাৰ্কৰ আন্তৰ্জাতিক চুটি চলচ্চিত্ৰ মহোৎসৱ আৰু ১০৭৫ চনতে আৰম্ভ কৰা এইখন দেশখনৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱ।

এই বছৰ চলচ্চিত্ৰ মহোৎসৱখনত বিভিন্ন শিতানত প্ৰদৰ্শনৰ বাবে অহা মুঠ ৩২৬৪ খন ছবিৰ ভিতৰত ১২১ খন ছবি প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

নিৰ্বাচিত ছবিসমূহে পাঁচটা শিতানত প্ৰতিযোগিতাৰ বাবে প্ৰদৰ্শিত হ’ব। সেইকেইটা হৈছে-মূল প্ৰতিযোগিতা, ডেনিছ প্ৰতিযোগিতা, এনিমেশ্যন প্ৰতিযোগিতা, তথ্যচিত্ৰ প্ৰতিযোগিতা আৰু যুৱ শিতানৰ প্ৰতিযোগিতা।

মূল প্ৰতিযোগিতা শিতানৰ বিচাৰকসকলে এই শিতানৰ শ্ৰেষ্ঠ চলচ্চিত্ৰখনৰ এইচ. চি. এ বঁটা, কাহিনীৰ বঁটা আৰু শিল্পীৰ বঁটা-এই তিনিটা বঁটা প্ৰদান কৰিব।