ক’ত হেৰাল সোণোৱাল চৰকাৰৰ ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি? : অদীপ ফুকন

Adip phukan

অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল। ফাইল ফটো

‘’যোৱা কেইবাদিন ধৰি প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ অসমৰ ৰাইজক। এনে উৎকট গৰমতো সঘনাই লোড শ্বেডিঙৰ সমস্যাই জুৰুলা কৰিছে সাধাৰণ ৰাইজক। কিন্তু বৰ্তমানেও কোনো কাণসাৰ নাই বিদ্যুৎ বিভাগৰ।‘’

বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ।

সোণোৱাল চৰকাৰৰ ২৪ ঘন্টাৰ বিদ্যুৎ যোগানৰ শ্লোগান ওলোটাই ২৪ ঘন্টা বিদ্যুৎ কৰ্তনৰ দিশে গতি কৰিছে বুলি তেওঁ মন্তব্য কৰে।

‘‘এটা বিভাগ, তিনিটা কোম্পানী, এজন মন্ত্ৰী, এজন অধ্যক্ষ, তিনিজন পৰিচালক সঞ্চালক, ১২ জন মুখ্য অভিযন্তা থকা বিয়াগোম বিভাগটোৱে যোৱা ১৮ বছৰে অতি কেৱল দুটাই কাম কৰিছে- ৰাজনীতি আৰু দুৰ্নীতি,’’-তেওঁ কয়।

দিশপুৰৰ বৰমুৰীয়া সকলে এ চিত সোমাই থকাৰ বাবেই সাধাৰণ জনতাৰ যন্ত্ৰণা বুজি পোৱাত অসুবিধা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

সংবাদমেলত ১৮ টা বছৰৰ তথ্য দাঙি ধৰি তেওঁ কয়, ‘’ৰাজ্য চৰকাৰে যোৱা ১৮ টা বছৰত বিদ্যুৎ উৎপাদনত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই। ২০১৮ ত ৰাজ্যত বিদ্যুতৰ বাবে গ্ৰাহক আছিল ৪১ লাখ। ২০১৯ লৈ ৫৭ লাখলৈ বৃদ্ধি কৰা হ’ল। পুনৰ সৌভাগ্য আঁচনিৰ নামত ১৬ লাখ লোকলৈ বৃদ্ধি কৰা হ’ল। কিন্তু বিদ্যুৎ ক’ত?’’

১৮ সংখ্যক বিদ্যুৎ সমীক্ষা মতে, অসমত প্ৰয়োজন ২২২২ মেগাৱাট বিদ্যুৎ । কিন্তু অসমত মাত্ৰ ২৫০ মেগাৱাটতকৈয়ো কম বিদ্যুৎ উৎপাদন হয়।

ৰাজ্যৰ প্ৰয়োজনীয় বিদ্যুতৰ ৬০ শতাংশ নিজস্ব হ’ব লাগে যদিও অসমৰ নিজস্ব উৎপাদন ১৫ শতাংশহে মাত্ৰ। বাকী বিদ্যুৎ কেন্দ্ৰীয় শক্তি খণ্ডৰ পৰা ক্ৰয় কৰিবলগীয়া হয়।

সংবাদমেলৰ যোগেদি অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ ফুকনে বিদ্যুৎ খণ্ডৰ উন্নতিৰ বাবে প্ৰয়োজনীয় দায়িত্ব পালন কৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।