দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত বঙাইগাঁৱত ঝুমুৰ নৃত্যৰে আনন্দ প্ৰকাশ আদিবাসী লোকৰ

ভাৰতৰ প্ৰথমগৰাকী আদিবাসী জনগোষ্ঠীৰ মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে বঙাইগাঁৱৰ আদিবাসী লোকসকল ৷ দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ বাতৰি বিয়পি পৰা পিচতে বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত আদিবাসী লোকসকলে ফটকা ফুটাই, ঝুমুৰ নৃত্যৰে আনন্দ প্ৰকাশ কৰে ৷

ইপিনে আদিবাসী জনগোষ্ঠীৰ নেতা হীৰু বাগদীয়ে কয় যে আমি  নথৈ আনন্দিত হৈছো আৰু গৌৰাম্বিত হৈছো যে চৰকাৰে আমাৰ আদিবাসী জনগোষ্ঠীৰ মহিলা দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ সুযোগ দিছে ৷ কিন্তু এই আনন্দৰ মাজতো আমাৰ এটাই দুখ যে সমগ্ৰ ভাৰততে আমি আদিবাসী বুলি জনাজাত বা পৰিচিত যদিও অসমত আমাক চাহ জনগোষ্ঠী বুলিহে পৰিচয় দিয়া হয় ৷ এয়া আমাৰ কাৰণে চৰম দুৰ্ভাগ্য ৷ গতিকে আমি অসম চৰকাৰক আহ্বান জনাওঁ যে যিহেতু আমাৰ আদিবাসী সম্প্ৰদায়ৰ মহিলা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ আসনত বহিব ,সেয়ে আজিৰ পৰা আমাৰ গাত আৰু যাতে চাহ জনগোষ্ঠী শব্দটো লগাই নিদিয়ে ৷ এতিয়াৰে পৰা আমি যাতে আদিবাসী হিচাপেহে স্বীকৃত হওঁ আৰু অসমৰ ৰাইজ তথা চৰকাৰেও আদিবাসী হিচাপেহে স্বীকৃতি দিয়ে তাকে কামনা কৰিছো ৷

বিজেপিয়ে বিলালে মিঠাইঃবিজেপি তথা এনডিএ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আদিবাসী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত বঙাইগাঁও জিলা বিজেপিয়ে আদিবাসী লোকৰ মাজত মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কৰে ৷ বিজেপি দলৰ প্ৰত্যক্ষ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰাৰ পিচতে বঙাইগাঁও জিলা বিজেপিৰ তৰফৰ পৰা বীৰঝৰা চাহ বাগিচাৰ আদিবাসী লোকৰ লগতে দলত থকা আদিবাসী কৰ্মীসকলৰ মাজত মিঠাই বিতৰণ কৰে ৷

লগতে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী, যুটীয়া সাধাৰণ সম্পাদক শংকৰ বিশ্বাস, বিজেপিৰ বিষয়ববীয়া, ৱাৰ্ড কমিচনাৰ আদি বীৰঝৰা চাহ বাগিচাত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিচ্ছবি লৈ উপস্থিত হৈ আদিবাসী যুৱতীসকলৰ সৈতে ঝুমুৰ নৃত্য কৰি আনন্দ উৎসৱত অংশ গ্ৰহণ কৰে ৷ ইয়াৰ পিচতে বীৰঝৰা চাহ বাগিচাৰ পৰিচালকৰ মূল কাৰ্যালয়লৈ বুলি নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতিচ্ছবি লৈ সমদল কৰি যায় আৰু পৰিচালকৰ হাতত প্ৰতিচ্ছবি এখন প্ৰদান কৰে ৷

ইপিনে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে কয় যে আদিবাসী সম্প্ৰদায়ৰ মহিলা এগৰাকী আজি দেশৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱাৰ মূলতে হ’ল বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীৰ সদিচ্ছাৰ বাবেই এয়া সম্ভৱপৰ হৈছে ৷ সেয়ে আদিবাসী লোকসকলৰ লগতে দেশৰ বাবেও এয়া গৌৰৱৰ কথা বুলি কয় ৷ লগতে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে আদিবাসী সম্প্ৰদায়ৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত আমিও আনন্দিত আৰু সেয়ে আদিবাসী লোকসকলৰ আনন্দ উৎসৱত অংশ লৈছো বুলিও কয় জিলা সভানেত্ৰী অধিকাৰীয়ে ৷

ভাৰতৰ প্ৰথম জনজাতি সম্প্ৰদায়ৰ মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক বিজেপিৰ বঙাইগাঁও জিলা সমিতিয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত কয় যে,১৯৫৮ চনৰ ২০ জুনত উৰিষ্যাত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মুয়ে ১৯৯৭ চনত বিজেপি দলত যোগদান কৰি ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈ ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰি বহুত উত্থান পতনৰ মাজেৰে উৰিষ্যাৰ ৰায়ৰংপুৰ বিধান সভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈ উৰিষ্যা চৰকাৰৰ মন্ত্ৰীত্ব পদ অলংকৃত কৰিছিল৷উল্লেখ্য ২০১৫ চনত দ্ৰোপদী মুৰ্মুয়ে ঝাৰখণ্ড ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল৷ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিয়াৰ আগতে উৰিষ্যাৰ এখন বিদ্যালয়ৰ শিক্ষয়ত্ৰী হিচাপে জীৱন যাত্ৰা আৰম্ভ কৰা দ্ৰৌপদী মুৰ্মুয়ে ভাৰতবৰ্ষৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত তেখেতক শুভেচ্ছা জ্ঞাপন কৰে৷তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষই ৰাষ্ট্ৰ হিচাপে বিশ্বত আৰু বেছি উজলি উঠাৰ কামনা কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনায় জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে৷