IPL ৰ জুৱা, চুলাই মদক লৈ সৰৱ আদিবাসী ছাত্ৰ সন্থা

ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান

aaaaa Screenshot_2020-1

কৰ’ণা আতংকৰ মাজতে এইবাৰ বহু প্ৰত্যাশিত জনপ্ৰিয় ক্ৰিকেট  প্ৰতিযোগিতা IPL অনুষ্ঠিত হৈছে আৰবত।

নৱপ্ৰজন্ম ব্যস্ত অনলাইন খেল উপভোগ কৰাত। কিন্তু তাৰ মাজতে উজনি অসমৰ বিশেষকৈ যোৰহাটত এই IPL ৰ খেলসমূহক লৈ চলিছে বৃহৎ জুৱা।

জিলাখনৰ মৰিয়নি,তিতাবৰ,টীয়ক,নকচাৰী আদি অঞ্চলত এতিয়া পুৰুষ-মহিলা,ছাত্ৰ ছাত্ৰীকে ধৰি প্ৰতিষ্ঠিত ব্যৱসায়ী,চাকৰিয়াল অধিকাংশ ব্যক্তিয়েই নামি পৰিছে অনলাইন জুৱা খেলত।

নিৰ্ভৰযোগ্য সুত্ৰে জানিব দিয়া মতে মৰিয়নি চহৰৰ পৰা এই বৃহৎ জুৱাৰ চক্ৰটোৱে জিলাখনৰ বিভিন্ন স্থানত এজেন্টৰ যোগেদি নিদিৰ্ষ্ট সময়ৰ ভিতৰত অতি গোপনে টকা সংগ্ৰহ কৰে আৰু পাছ দিনা কপাল ফুলাসকলক এগুণত পঞ্চাশ গুণলৈকে  অনলাইন অথবা নগদ টকা প্ৰদান কৰে।

ইতিমধ্যে এই চক্ৰত ৰাতিটোতে লাখ লাখ টকা উপাৰ্জনৰ উদ্দেশ্যেৰে বহু পৰিয়াল সৰ্বস্বান্ত হোৱাৰো উপক্ৰম ঘটিছে আৰু প্ৰশাসনৰ জ্ঞাতসাৰে  জুৱা চলি আছে বুলি অভিযোগ কৰিছে আদিবাসী ছাত্ৰ সন্থাই ।

সেয়ে সমগ্ৰ বিষয়টোৰ এক উচিত তদন্ত বিচাৰি টীয়ক ৰাজহ চক্ৰৰ বিষয়াক  সংগঠনটোৱে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।

আদিবাসী ছাত্ৰ সন্থাই  চাহ বাগিচা অঞ্চলত প্ৰচলিত চুলাই মদ বন্ধ কৰিবৰ বাবে বাৰম্বাৰ প্ৰশাসনক দাবী জনাই আহিছে যদিও এই পৰ্যন্ত কোনো সুফল নোপোৱাত পুনৰ আজি এখনি স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো গুৰুত্বপূৰ্ণ ভাবে গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

এই সামাজিক ব্যাধিসমূহ দুৰ কৰিবলৈ  প্ৰশাসনে অনতি পলমে পদক্ষেপ গ্ৰহণ নকৰিলে সংগঠনটোৱ তীব্ৰ আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।