আজি প্ৰশাসনে ছীল কৰিলে মাৰ্ঘেৰিটাৰ ‘পাৱাৰ ইণ্ডিয়া’ নামৰ খোৱা পানী প্ৰস্তত কৰা প্ৰকল্পটো

index.jpgvv

মাৰ্ঘেৰিটাৰ ‘পাৱাৰ ইণ্ডিয়া’ নামৰ খোৱা পানী প্ৰস্তত কৰা প্ৰকল্পৰ বিৰুদ্ধে প্ৰশাসনে আজি অভিযান চলায়।

প্ৰতিষ্ঠানটোৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থ বিক্ৰীকেন্দ্ৰ তথা প্ৰকল্প স্থলীত মাৰ্ঘেৰিটা মহকুমাৰ কাৰ্যকাৰী দণ্ডাধীশ মাধুৰ্য্য বুঢ়াগোহাঁইৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা বিষয়াৰ দল উপস্থিত হয়।

দলটোৱে উপস্থিতি হৈ প্ৰকল্পটোৰ সকলো নথিপত্ৰ পৰীক্ষা কৰে আৰু প্ৰস্তত কৰা পানী সংগ্ৰহ কৰে।

মাৰ্ঘেৰিটাৰ এগৰাকী কৰ্কট ৰোগীক চিকিৎসকে ৰোগী গৰাকীৰ অস্ত্ৰোপচাৰৰ পাছত ড্ৰিংকিং ৱাটাৰ খাবলৈ পৰামৰ্শ দিছিল।

আৰু সেই মৰ্মে কিছুদিনৰ পৰা মাৰ্ঘেৰিটা চেগুনবাৰীৰ তিনিআলিস্থিত ‘পাৱাৰ ইণ্ডিয়া’ নামৰ বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰি বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ পৰা খোৱা পানী ক্ৰয় কৰি খাই আহিছিল ৰোগী গৰাকীয়ে।

কিন্তু খোৱা পানীত বিষাক্ত শেলুৱৈ-গেদ যুক্ত পানী প্ৰত্যক্ষ হোৱাত মাৰ্ঘেৰিটা আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৰোগী গৰাকীৰ পৰিয়ালৰ লোকে।

এই সম্পৰ্কে প্ৰায় একাংশ সংবাদমাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাত আজি প্ৰশাসনৰ তৰফৰ পৰা অভিযান চলোৱা হয়। আৰু ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে আজি প্ৰতিষ্ঠানটো চীল কৰে।